পাঁচ বিঘা মাটিত নেমু খেতিৰে স্বাৱলম্বী হৈছে টীয়কৰ মুনিল

lemon

টীয়কৰ জগদুৱাৰ ভোমোৰাগুৰি মিচিং গাঁৱৰ এজন যুৱক মুনিল টাইয়ে চাকৰি আশা ত্যাগ কৰি কৃষি কৰ্মৰে স্ব-নিৰ্ভৰশীল হোৱাৰ পথত অগ্ৰসৰ হৈছে । পাঁচ বছৰ আগতে নিজা মাটিত আৰম্ভ কৰা নেমু খেতিৰ পৰা বছৰি প্ৰায় ২.৫০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মুনিল । দুচকুত স্বাৱলম্বিতাৰ হেজাৰ সপোন লৈ পাঁচ বছৰ আগতে এই খেতি আৰম্ভ কৰা মুনিলে নেমুৰ লগতে ভোট জলকীয়া আৰু অগৰু পুলি ৰোপণ কৰি লাভৱান হোৱাৰ কথাও মত ব্যক্ত কৰে ।

যি সময়ত অসমত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে তেনে সময়ত মুনিলৰ এই প্ৰচেষ্টাক সকলো একে মুখে প্ৰশংসা কৰিছে । তলাবন্ধৰ প্ৰভাৱত বৰ্তমান বহু লোক আজি কৰ্মসংস্থাপনহীন, বহু যুৱক বাহিৰৰ পৰা আহি নিজ ঘৰত আৱদ্ধ হৈ আছে ৷ তেওঁলোকৰ কাৰণে এনে কৰ্মও আদৰ্শ  হ’ব পাৰে মুনিলে মত ব্যক্ত কৰে ।

অসমৰ মাটি যিহেতু সাৰুৱা বুলি এক সুনাম আছে গতিকে চন পৰি থকা মাটিতে এনেধৰণৰ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে বুলি মুনিলে মত পোষণ কৰাৰ লগতে নিজা জৈৱিক পদ্ধতিৰে এই বাগান আগবঢ়াই নিয়াৰ কথা জানিব দিয়ে মুনিলে । কোনো ধৰণৰ বেংকৰ পৰা ঋণ নোলোৱাকৈ নিজা একক প্ৰচেষ্টাৰে আগবঢ়াই নিয়া এই নেমু খেতি আৰু বহুলভাৱে আগবঢ়াই নিয়াৰ আশা আছে বুলি জানিবলৈ দিয়ে যুৱক মুনিলে ।

Exit mobile version