প্ৰিয়ংকা গান্ধীক কটাক্ষ যোগী আদিত্য নাথৰ

download

আজি অনুষ্ঠিত হ’ল ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজন ৷ এই ভূমিপূজনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি আৰএছএছ প্ৰধান মোহন ভাগৱতেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এটা সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত ৰাম মন্দিৰ, কৰ’নাৰ লগতে মছজিদৰ শিলন্যাসৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

মছজিদৰ শিলন্যাসত যোগী আদিত্যনাথে অংশগ্ৰহণ কৰা প্ৰসংগত কয় যে যদি মোক তেওঁলোকে নিমন্ত্ৰণ নকৰে তেন্তে ময়ো তেওঁলোকৰ অনুষ্ঠানত অংশ ল’বলৈ নাযাও । মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক প্ৰশ্ন কৰা হৈছিল যে বিৰোধীৰ মন্তব্য অনুসৰি সকলো ধৰ্মৰ লোকক ৰাম মন্দিৰৰ ভূমি পূজনলৈ নিমন্ত্ৰণ কৰিছে আৰু সকলো আহিছে ৷ কিন্তু অনাগত দিনত যেতিয়া অযোধ্যাত মছজিদ স্থাপন হ’ব তেতিয়া যোগী আদিত্য নাথে ভাগ নলয় বুলি প্ৰচাৰ লাভ কৰিছে ৷

এই সন্দৰ্ভত যোগী আদিত্যনাথৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “মোৰ যি কাম সেয়া মই কৰিম । মই নিজৰ কামক ধৰ্ম আৰু কৰ্তব্য হিচাপে মানি লওঁ । মই জানো যে মোক কোনেও নিমন্ত্ৰণ নকৰে ৷ সেয়ে মই নাযাও ৷

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে অযোধ্যাত চুন্নী চেন্ট্ৰেল ৱাকফ বৰ্ডক পাঁচ একৰ ভূমি দিবলৈ সিদ্ধান্ত লৈছিল । উত্তৰ প্ৰদেশৰ চৰকাৰে পাঁচ ফ্ৰেব্ৰুৱাৰীত অযোধ্যা জিলাৰ ধান্নীপুৰত পাঁচ একৰ ভূমি মছজিদৰ কাৰণে আৱন্টন কৰে । ইয়াতে মছজিদৰ নিৰ্মাণ হ’ব । অৱশ্যে ধন্নীপুৰৰ একাংশ বাসিন্দাই এই স্থানত মছজিদৰ বিপৰীতে স্কুল বা চিকিৎসালয় স্থাপন কৰাৰ পোষকতা কৰিছে ।

আনহাতে আজি যোগী আদিত্যনাথে প্ৰিয়ংকা গান্ধীৰ “ৰাম সৱকা হ্যে” বুলি দিয়া ভাষ্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । যোগী আদিত্য নাথে কয় যে আমি প্ৰথমৰ পৰাই কৈ আহিছো ৰাম সকলোৰে ৷ কিন্তু এই ধাৰণা আগতে কিয় নাহিল ? অযোধ্যাৰ বিকাশক লৈ যোগী আদিত্য নাথে কয় “আজি অযোধ্যাত সকলো ধৰণৰ সুবিধা দিয়া হৈছে । মুখ্যমন্ত্ৰী হৈ মই বহু বাৰ অযোধ্যালৈ আহিছো ।” লগতে ৰাম মন্দিৰক লৈ প্ৰশ্ন তথা বিতৰ্ক কৰাসকলক যোগী আদিত্য নাথে কয় “ৰাম মন্দিৰৰ ভূমি পূজনৰ আয়োজক ট্ৰাষ্ট ৷ আমি কেৱল চৰকাৰক সহযোগ কৰিছো।”

Exit mobile version