বিজ্ঞান-প্ৰযুক্তি জয়যাত্ৰাৰ দিনতো অৱহেলিত ৰাজ্যৰ এখন আৰক্ষী চকী

WhatsApp Image 2020 08 05 at 11.00.11 AM

তিনিচুকীয়া জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ আৰক্ষী চকী গুইজান আৰক্ষী চকী । ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেই এই আৰক্ষী চকীখনৰ বিশেষ গুৰুত্ব আছে । তিনিচুকীয়া জিলাৰ এই আৰক্ষী চকী প্ৰতি বছৰে অহা বানৰ কৱলত পৰি তথৈবচ হৈ পৰে । বিখ্যাত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গুইজানত থকা গুইজান আৰক্ষী চকী খন প্ৰতি বছৰে অহা বানত দুই তিনিবাৰকৈ পানীৰ তলত থাকে । এইবাৰ চাৰিটা বানৰ পানীত আৰক্ষী চকী খন পানীত বুৰ যায় ।

জনসাধাৰণৰ নিৰাপত্তাৰ বাবে থকা আৰক্ষী তেতিয়া এক প্ৰকাৰে নিজেই নিৰাপত্তা হীনতাত ভোগে। আৰক্ষী চকীটোৰ আৰক্ষী সকলে প্ৰতিটো বানতে নাও লৈ অহা-যোৱা কৰে । আৰক্ষী চকীৰ চৌহদ, আৰক্ষী চকীটোকেই বানে বুৰাই পেলায় । বানৰ সময়ত গুইজান আৰক্ষী চকীৰ কাম-কাজ চলাবলৈ গুইজান চাৰিআলিত, কোনো দোকানত আশ্ৰয় ল’বলগীয়া পৰিস্থিতি সৃষ্টি হয় ।

ইফালে, অঞ্চলটোত গুইজান আৰক্ষী চকীক টুৰিষ্ট পুলিচ ষ্টেচন হিচাপে গঢ় দিব লাগে বুলি উদ্ধতম কৰ্তৃপক্ষলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যদিও কাৰ্যত আজি পৰ্যন্ত একো নহ’ল । আনকি আৰক্ষী চকীটোও নিৰাপদ স্থানত স্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । অতি প্ৰয়োজনীয় এটা আৰক্ষী চকীক চৰকাৰে মাহীআইৰ দৃষ্টি নিক্ষেপ কৰা বুলি ৰাইজ ক্ষোভিত হৈ পৰিছে ।

যি সময়ত ৰাজ্যত নতুন নতুন আৰক্ষী থানা মুকলি কৰিছে, সেই সময়ত গুইজানৰ দৰে এটা গুৰুত্বপূৰ্ণ আৰক্ষী চকী আন্তঃগাঁথনি উন্নীতকৰণ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কিয় কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে। গুইজান আৰক্ষী চকীটো এক সুবিধাজনক ঠাইত বানে ক্ষতি কৰিব নোৱৰাকৈ ওখ ঠাইলৈ স্থানান্তৰ কৰি আন্তঃগাঁথনি উন্নীত কৰিবলৈ গুইজান শাখা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সত্যজিৎ বৰগোঁহাইৰ লগতে বৃহত্তৰ গুইজানবাসী ৰাইজে দাবী জনাইছে ।

উল্লেখযোগ্য যে, বিগত ২০১৫ বৰ্ষত গুইজানত প্ৰয়োজন অনুভৱ কৰি আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া হিচাপে, গুইজানৰ বান বিধস্ত লোক সকলক নিৰাপত্তা দিবৰ বাবে গুইজানত পেট্ৰলিং পষ্টটো স্থাপন কৰিছিল । এতিয়া গুইজান আৰক্ষী চকী ৰূপেই পৰিচিত হৈ পৰিল । আৰক্ষী চকীত বিষয়া দুগৰাকী, কনিষ্টবল ৪ গৰাকী, আৰক্ষী বেটেলিয়ান ৬ গৰাকী আৰু গৃহৰক্ষী ১ গৰাকী থকা বুলি জানিব পৰা গৈছে ।

Exit mobile version