ভূমিপূজনত আৰএছএছ প্ৰধান মোহন ভাগৱত

freepressjournal 2020 08 fbb95527 92b1 49be 9ec5 b233c3f973b8 EepBnVtU4AAp1CR

অযোধ্যাত হোৱা ভূমিপূজনৰ পিচত আৰআৰএছক প্ৰধান  মোহন ভাগৱতে দেশবাসীক সম্বোধন কৰে ৷ তেওঁ কয় “আমি এক সংকল্প লৈছিলো। আৰু আজি আমাৰ এই সংকল্পৰ ফলাফল লাভ কৰিছো  ৷ ইয়াত বহুলোকৰ বলিদান আছে । মহামাৰীৰ কাৰণে বহু লোক ইয়ালৈ আহিব পৰা নাই । লালকৃষ্ণ আডৱানীয়ে নিজৰ ঘৰত থাকি অযোধ্যাৰ বিশাল কাৰ্যক্ৰম প্ৰত্যক্ষ কৰিছে ৷ ভাৰতক আত্মনিৰ্ভৰশীল হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজন হোৱা বিশ্বাস আৰু আত্মবিশ্বাস আজি সৰ্বত্ৰে দেখিবলৈ পাইছো ।”

লগতে মোহন ভাগৱতে কয় যে আমাৰ সকলোৰে মনবোৰ ৰাম ময় হোৱাটো প্ৰয়োজনীয় । আমাৰ হৃদয়ত ৰামৰ অস্তিত্ব থকাটো প্ৰয়োজন ৷ সকলোৰে মনবোৰ দোষ, শত্ৰুতা মুক্ত হ’ব লাগে । উল্লেখযোগ্য যে ৰাম জন্মভূমিত ভূমি পূজনৰ কাৰণে নিৰ্মাণ কৰা মঞ্চত কেৱল পাঁচজন লোকৰ আসনহে আছিল ৷ ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰএছএছ প্ৰধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু শ্ৰীৰাম জন্মভূমিৰ তীৰ্থক্ষেত্ৰৰ ট্ৰাষ্ট নৃত্য গোপাল দাস উপস্থিত আছিল ৷

Exit mobile version