সাৱধান হওক যুৱক যুৱতীসকল

Coronavirus

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ কৰ’না ভাইৰাছৰ বৃদ্ধিৰ প্ৰসংগত এক জাননী জাৰি কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ যুৱপ্ৰজন্মৰ মাজত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ কাৰণ বিগত পাঁচ মাহত কৰ’নাত ১৫ ৰ পৰা ২৪ বয়সৰ লোকসকল আক্ৰান্ত হৈছে ৷ ২৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১২ জুলাইলৈকে কৰ’নাত সংক্ৰমণ ৪.৫ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি হৈছে ।

ADVERTISEMENT

ইপিনে ৫ ৰ পৰা ১৪ বছৰৰ লোকসকলৰ কৰ’নাত আক্ৰান্তৰ পৰিসংখ্যা ০.৮ শতাংশৰ পৰা ৪.৬ শতাংশলৈ বৃদ্ধি পাইছে ৷ বিশেষজ্ঞসকলৰ মতে কৰ’না ভাইৰাছৰ টেষ্ট আৰু বিদ্যালয়সমূহ পুনৰ খোলাৰ লগে লগে ইয়াৰ পৰিসংখ্যা বৃদ্ধি পাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক ট্ৰেড’চ অধান’মে কয় “পূৰ্বৰে পৰা কৈ অহা হৈছে যে কৰ’না ভাইৰাছৰ পৰা যুৱকসকল অলপো সুৰক্ষিত নহয় ৷ তেওঁলোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু পৰ্যন্ত হ’ব পাৰে । গতিকে সাৱধান হওক যুৱকসকল ।”

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে যুৱকযুৱতীসকলৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মূল কাৰণটো হ’ল নাইটক্লাব পাৰ্টি কৰা তথা সামাজিকভাৱে ঘূৰি ফুৰা ৷ বিগত পাঁচমাহত যুৱকযুৱতীসকলৰ মাজত সংক্ৰমণৰ পৰিসংখ্যা হৈছেগৈ ৬০ লাখ । হুৰ মতে “যুৱক-যুৱতীসকল কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য কেৱল আমেৰিকাৰ পৰাই অহা নাই । বৰঞ্চ স্পেইন, জাৰ্মানী আৰু ফ্ৰান্সতো কৰ’নাত আক্ৰান্ত হৈছে যুৱপ্ৰজন্ম ৷” যুৱপ্ৰজন্মই সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মাস্ক পৰিধান নকৰাৰ কাৰণে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি কয় জ’ন হ’কিন্স চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে।

লগতে তেওঁ কয় ভ্ৰমণৰ সময়ত কৰ’নাৰ সংক্ৰমণ হোৱাৰ আশংকা বেছি ৷ গতিকে সকলোৱে মাস্ক পৰিধান কৰোটো প্ৰয়োজন । উল্লেখযোগ্য যে যেনেদৰে কৰ’নাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে, তালৈ লক্ষ্য কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ দ্বিতীয় স্তৰত আৰু বৃদ্ধি পাব ৷ গতিকে বহু দেশত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নতুন নিয়ম বলবৎ কৰিব লাগে ৷ আনহাতে, ভিয়েটনামত পুনৰ কৰ’নাত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ।

Exit mobile version