কামৰূপ জিলাৰ ৩১ নং ঘাইপথৰ মদনপুৰত তলাবন্ধৰ মাজতে ধন সংগ্ৰহৰ লক্ষ্যৰে টোলগেট স্থাপনৰ বিৰুদ্ধে আজি পূৱ কামৰূপ ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আজি দিনৰ প্ৰায় ১১মান বজাত কিছুসময়ৰ বাবে ৩১ নং ঘাইপথ বন্ধ কৰি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
প্ৰতিবাদী ছাত্ৰকৰ্মী সকলৰ লগতে ৰাইজেও টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মদনপুৰ টোলগেট বন্ধ কৰক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি স্থাপন কৰা টোলগেট বন্ধ কৰক, অসম চৰকাৰ হায় হায়, অসমৰ মুখ্যমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ আদি বেনাৰ প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
টোলগেট স্থাপনৰ দিনৰে পৰা জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ টোলগেট স্থাপনৰ দিনৰ পৰা স্বাস্থ্য বিভাগৰ এম্বুলেন্সকে ধৰি জৰুৰীকালীন যান-বাহন দীৰ্ঘসময় ধৰি টোলগেটত আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে ৷ গাড়ীৰ বিভিন্ন শব্দই ঘন্টাৰ পিছত ঘন্টা ধৰি অঞ্চলটো ৰাইজ তথা ছাত্ৰ-ছাত্ৰীক অসুবিধা দি আহিছে ৷ চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে টোলগেটত জৰুৰীকালীন সেৱা সমূহো দীৰ্ঘসময় ধৰি আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷
টোলগেটৰ নীতি-নিয়মক জলাঞ্জলি দি কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে স্থাপন কৰা বাবে মদনপুৰ টোলগেট অতিশীঘ্ৰে বন্ধ কৰিবলৈ ছাত্ৰ সন্থাই আজিৰ বিক্ষোভৰ জৰিয়তে অসম চৰকাৰলৈ দাবী উত্থাপন কৰিছে ৷ যদিহে ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি চৰকাৰে সহাৰি নিদিয়ে তেন্তে আগন্তুক দিনত ৰাইজৰ সহযোগত তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি আছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷
টোলগেট স্থাপনৰ বিৰোধীতাৰে আজিৰ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী উপসভাপতি প্ৰদীপ কুমাৰ ডেকা, সাধাৰণ সম্পাদক হেমন্ত দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সোণজ্যোতি বৰুৱা সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকা পূৱ কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাভেদ আখটাৰ চৌধুৰী সাধাৰণ সম্পাদক মৃণাল ডেকাই অংশগ্ৰহণ কৰে ৷
আজিৰ বিক্ষোভ কাৰ্যসূচীৰ আগতেও পূব কামৰূপ ছাত্ৰ সন্থাই গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে মদনপুৰৰ টোলগেট বন্ধ কৰিবলৈ কোনোধৰণৰ পদক্ষেপ হাতত নল’লে ৷ এইবাৰৰ প্ৰতিবাদে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি বিক্ষোভকাৰীৰ লগতে স্থানীয় ৰাইজে আশা কৰিছে ৷