অবৈধ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে ধুবুৰী জিলা

WhatsApp Image 2020 08 06 at 7.38.25 PM

অবৈধ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে ধুবুৰী জিলা । ধুবুৰী জিলাৰ মাজেৰে বাংলাদেশলৈ প্ৰতিদিনে সৰবৰাহ হয় হেজাৰ হেজাৰ চোৰাং গৰু । ধুবুৰীৰ পৰা নদী পথেৰে ফকীৰগঞ্জ, শালমাৰা, পাটাকাটা হৈ বাংলাদেশলৈ সৰবৰাহ হয় গৰু । শেহতীয়াকৈ এনে আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে ধুবুৰী আৰক্ষী ।

এক গোপন সূত্ৰৰ ভিত্তিত ধুবুৰী চহৰৰ পৰা চাৰিজনকৈ আন্তঃৰাষ্ট্ৰীয় গৰু সৰবৰাহকাৰীক আটক কৰে ধুবুৰী আৰক্ষীয়ে। আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত আটক হয় হাচেন আলি, সাহজামাল,নজৰুল হক, মনিৰুল হক । লগতে As17E9662 নম্বৰৰ ইন্ডিকা ECS গাড়ীখনৰ পৰা দুই লাখ পঞ্চাশ হেজাৰ টকা জব্দ কৰে ।

অন্যহাতে এতিয়া গোৱালপাৰাৰ পৰা ধুবুৰীত আহি বাহৰ পাতি থকা চাৰি আন্তঃৰাষ্ট্ৰীয় গৰু সৰবৰকাৰীক আটক কৰি বিপদত পৰিছে ধুবুৰী আৰক্ষী । আটক কৰা সৰবৰাহকাৰীৰ এজন কৰ’নাত আক্ৰান্ত । ইতিমধ্যে কৰ’নাত আক্ৰান্তজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে আন তিনিজনক কোৱাৰেইণ্টাইন কৰা বুলি জানিব পৰা গৈছে ।

Exit mobile version