ক’ভিড-১৯ ভেকচিনৰ সন্দৰ্ভত চিৰাম ইনষ্টিটিউটত অৱ ইণ্ডিয়াৰ বিশেষ চুক্তি

coronavaccine1.v1

ভাৰতত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ সময়তে পুণেৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই আমেৰিকাৰ ভেকচিন ডেভেলপাৰ Novavax Inc ৰ লগত চুক্তি স্বাক্ষৰিত কৰিছে ৷ দুয়োটা কোম্পানীয়ে ৩০ জুলাইত ভেকচিনৰ সন্দৰ্ভত এলানি চুক্তি সম্পাদিত কৰে  ৷

লগতে ন’ভেক্সয়ে মংগলবাৰে সদৰী কৰে যে ইতিমধ্যে তেওঁলোকে ৫০ জন লোকৰ শৰীৰত কৰা প্ৰাৰম্ভিক পৰীক্ষাত এন্টিব’ডি প্ৰস্তুত কৰাত সফলতা অৰ্জন কৰিছে ৷ চিৰাম ইনষ্টিটিউটত অৱ ইণ্ডিয়াই এই ভেকচিন মধ্য আৰু নিম্ন শ্ৰেণীৰ দেশসমূহৰ বজাৰত উপলব্ধ হোৱাকৈ মুকলি কৰিব ।

ইফালে কৰ’না মহামাৰীৰ সমান্তৰালকৈ দেশত ইতিমধ্যে অব্যাহত আছে কৰ’না ভেকচিনৰ উদ্ভাৱনৰ পৰীক্ষা-নিৰীক্ষা ৷ ইতিমধ্যে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ক’ভিড১৯ ৰ ভেকচিন মানৱ দেহত দুটা পৰ্যায়ত পৰীক্ষণৰ কাৰণে চিৰম ইনষ্টিটিউটত অফ ইণ্ডিয়াই মঞ্জুৰী লাভ কৰিছে ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ এজন বিষয়াৰ মত অনুসৰি চিঅ’বিআইডি ১৯ৰ বিশেষ বিশেষজ্ঞ সমিতিৰ দ্বাৰা হোৱা পৰ্যালোচনাৰ পিছত এই অনুমতি লাভ কৰে ।আনহাতে এই পৰীক্ষাত ১৬০০ জন লোকে ভাগ ল’ব ৷ লগতে পৰীক্ষণ কৰা লোকসকলৰ বয়স হ’ব লাগিব ১৮বছৰতকৈ অধিক। চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ কাৰণে ১৭ টা স্থানক মনোনীত কৰিছে ৷

তাৰ ভিতৰত আছে দিল্লী এইমচ, পুণেৰ বি জে মেডিকেল কলেজ, পাটনাৰ ৰাজেন্দ্ৰ মেমোৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত অফ মেডিকেল চাইন্স, চণ্ডীগড়ৰ প’ষ্ট গ্ৰেজুৱেটইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, জোধপুৰ এইমচ, গোৰখপুৰৰ নেহেৰু হাস্পতাল, অন্ধ্ৰপ্ৰদেশ কলেজ, বিশাখাপট্টনম আৰু মেচুৰৰ জে এছ এছ একাডেমি অফ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ৷

বিশেষজ্ঞসকলৰ অধ্যয়ন অনুসৰি ভেকচিন পৰীক্ষণ মানৱ দেহত বিৰতি লৈ কৰা হ’ব । ইয়াৰ পিছত মানৱ দেহত ভেকচিনৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব।

Exit mobile version