মাতৃয়ে সন্তানৰ বাবে সকলো কৰিব পাৰে । মাতৃ স্নেহ অতুলনীয়।এই কথাকে পুনৰ প্ৰমাণ কৰিলে ইউক্ৰেইনৰ এগৰাকী মহিলাই । কাৰাগাৰত থকা পুত্ৰক পলুৱাই নিবলৈ মহিলাগৰাকীয়ে খান্দি উলিয়ালে এটি ৩৫ফুট দীঘল সুৰংগ । পুত্ৰ এক হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাৰুদ্ধ হৈ আছে জেপোৰিঝিয়াৰ এখন কাৰাগাৰত । মাতৃ গৰাকীৰ বয়স ৫১ বছৰ ।কাৰাগাৰত থকা পুত্ৰক মুক্তিৰ বাবে তেওঁ নানা উপায় চিন্তা কৰিবলৈ ল’লে ।কাৰাগাৰৰে ওচৰৰে এটি ঘৰ ভাড়া কৰি থাকিবলৈ লয় মহিলাগৰাকী ।
মাটি খান্দিব পৰা সকলো সামগ্ৰী গোটেই লোৱাৰ পাছত কাৰাগাৰৰ এটি দিশত সুৰংগ খন্দাৰ পৰিকল্পনা কৰে । প্ৰতি নিশা তিনি বজাত মহিলাগৰাকীয়ে বিছনা এৰি সুৰংগ খন্দা স্থানলৈ যায় । প্ৰতিদিনে অলপ অলপকৈ এদিন ৩৫ ফুট দীঘল সুৰংগটো খান্দি সম্পূৰ্ণ কৰে । কিন্ত তাৰ মাজতেই বাট ভেটা ধৰিলে বিপদে । পুত্ৰক পলুৱাই নিয়াৰ পূৰ্বেই কাৰাগাৰ কৰ্তৃপক্ষৰ চকুত ধৰা পৰিল মহিলা গৰাকীৰ পৰিকল্পনা ।
কাৰাগাৰ কৰ্তৃপক্ষই মহিলাগৰাকীৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰিলে।গোচৰ গৈ আদালত পালে । আদালতে মহিলাগৰাকীক নিক্ষেপ কৰিলে কাৰাগাৰলৈ । পুত্ৰক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ গৈ মাতৃয়ে নিজে লাভ কৰিলে কাৰাদণ্ডৰ । পুত্ৰক কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আনিবলৈ সম্পূৰ্ণ নিখুঁত পৰিকল্পনাৰে মহিলাগৰাকী আগবাঢ়িছিল । সম্প্ৰতি মাতৃ-পুত্ৰ দুয়ো কাৰাগাৰত বন্দীত্বৰ জীৱন যাপন কৰিবলগীয়া হৈছে।