গঞা ৰাইজে ঘেৰাও কৰিলে এ পি ডি চি এলৰ কাৰ্যালয়

images

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য । পাৰাস্তম্ভৰ উৰ্দ্ধগামী অৱস্থাই ভংগ কৰিছে পূৰ্বৰ ইতিহাস । তাৰপিছতো ছমাহ বিদ্যুত সংযোগ বিহীনভাৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে নগাঁও জিলাৰ ৰূপহীৰ অৰুণা অঞ্চলৰ ৰাইজে । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ হেমাহিৰ বাবেই এতিয়া এই গৰমৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে অঞ্চলটোৰ শতাধিক লোকে ।

টেন্সফৰ্মাৰৰ বিজুতি আৰু একাংশ লোকে বিদ্যুত বিল আদায় নিদিয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে অৰুণা অঞ্চলৰ সকলো ৰাইজে । সেয়ে অতিষ্ঠ হৈ পৰা লোকসকলে আহি নগাঁও চহৰস্থিত এ পি ডি চি এলৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে শীঘ্ৰেই বিদ্যুত সংযোগ প্ৰদান কৰিবলৈ বিভাগীয় বিষয়াৰ ওচৰত দাবী জনায় । ইফালে এ পি ডি চি এলৰ কৰ্তৃপক্ষই শীঘ্ৰেই আলোচনামৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Exit mobile version