জি এম চি এইচত চুৰিকাণ্ড: নিৰাপত্তাহীনতাত ৰোগী-অভিভাৱক

GMCH

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিৰাপত্তাহীনতাত ৰোগী-অভিভাৱক । কালি নিশা প্ৰায় ১০ বজাত চিকিৎসালয়খনৰ আই চি ইউৰ বাহিৰত এক চুৰিকাণ্ড সংঘটিত হয় । আই চি ইউত চিকিৎসাধীন হৈ থকা দীপাশিখা কলিতা (২৫) নামৰ মহিলাগৰাকীৰ স্বামী গৌতম কলিতাৰ এটা বেগ চুৰি হয় । উক্ত বেগটোত গৌতম কলিতাৰ পিতৃৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, অটল অমৃত কাৰ্ড, আয়ুসমান ভাৰত কাৰ্ড, মাতৃৰ ৰেচন কাৰ্ড, পত্নীৰ পেন কাৰ্ড, মোবাইল ফোন, কাপোৰ, ঔষধ, নগদ ধনৰ লগতে আন বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল ।

যোৱা দুই আগষ্টত গৌতম কলিতাৰ পত্নীক সাপে খোটাৰ বাবে তেওঁক চিকিৎসালয় খনৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । কালি নিশা কলিতাই ভাত খাই উঠাৰ পিছত প্ৰসাৱগাৰলৈ যায়। তেওঁৰ ভনীয়েক আই চি ইউৰ বাহিৰত থকা বাবেই বেগটো তাতেই এৰি থৈ যায় । ইয়াৰে সুযোগ বুজি চোৰে উক্ত চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰে কলিতাই । এই সন্দৰ্ভত তেওঁ কয়, ‘মোৰ পত্নীৰ অৱস্থা বৰ্তমানেও সংকটজনক। এনে এক জটিল পৰিস্থিতিত উক্ত বেগটো চুৰি হোৱাত মোৰ লগতে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। আন নহলেও নথি-পত্ৰ খিনি ঘূৰাই পালে সকাহ পাম।”

উল্লেখ্য যে কলিতাৰ পত্নীৰ চিকিৎসাৰ সকলো নথি-পত্ৰও উক্ত বেগটোতে আছিল। যাৰ ফলত তেওঁ পত্নীৰ চিকিৎসাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বুলিও জানিবলৈ দিয়ে। আনহাতে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনত ৰোগীৰ অভিভাৱকৰ বেগ, মোবাইল ফোন চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যাৰ ফলৰ ৰোগী-অভিভাৱক সকল এইক্ষেত্ৰত নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে বুলিও কলিতাই কয় । এই সন্দৰ্ভত কলিতাই ভঙাগড় আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।

Exit mobile version