মায়ানগৰী মুম্বাইত মংগলবাৰৰ পৰা অব্যাহত আছে ধাৰাষাৰ বৰষুণ ৷ সম্প্ৰতি মুম্বাইৰ বহু অঞ্চলত প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰিছে৷ মুম্বাইৰ বানাক্ৰান্তক উদ্ধাৰৰ কাৰণে মহাৰাষ্ট্ৰ চৰকাৰে ২০ টা দলক নিয়োগ কৰিছে ৷ ইয়াৰে কেৱল মুম্বাইত পাঁচটা দলে কাম কৰিছে ৷ ইপিনে, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰে মুম্বাইবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান কৰিছে ।
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সম্প্ৰতি মুম্বাইৰ বানক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে । বুধবাৰে মুম্বাইত বানৰ প্ৰকোপত আন দিনতকৈ বৃদ্ধি পায় ।কোলাবাত বিগত ১২ ঘন্টাত ২৯৩.৮ মি.মি বৰষুণ হয় ৷ ইয়াৰ পূৰ্বে ১৯৭৪ ৰ আগষ্ট মাহত ক’লাৱাত ২৬২মি.মি বৰষুণ হৈছিল ।
ইপিনে মুম্বাইৰ বানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী থাকৰেই বিএমচি আৰু এনডিআৰএফ বাহিনীৰ লগত এখন বৈঠকত মিলিত হয় ৷ মুম্বাইত সমগ্ৰ নিশা এনডিআৰএফ বাহিনীয়ে বানাক্ৰান্তক উদ্ধাৰ কৰে । আনহাতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধব থাকেৰৰ লগত মুম্বাইৰ বানৰ সন্দৰ্ভত মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সমান্তৰালকৈ মুম্বাইত অহা কৃত্ৰিম বানে লোকসকলৰ মাজত সংহাৰৰ সৃষ্টি কৰিছে ৷ কাৰণ সোমবাৰে অনলাইন যোগে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই উদঘাটন কৰা এটা ক’ভিড চেন্টাৰ সম্পূৰ্ণৰূপে ধৰ্বংস হৈ যায় মুম্বাইৰ বানত । মহাৰাষ্ট্ৰৰ পালঘৰ গ্ৰামীণ আৰক্ষীয়ে বানৰ মাজতে ২২ জন লোকক উদ্ধাৰ কৰে ।