ব্ৰাজিলত হোণ্ডাই শ্ব’ৰূমৰ এম্বেচাদৰৰ ৰূপত কুকুৰ

pic2

বাটৰুৱা কুকুৰৰো যে কেতিয়াবা ভাগ্যচক্ৰ ঘূৰিব পাৰে সেই কথা কোনেও হয়তো কেতিয়াও ভাবি নাচায় । মানুহতকৈও বেছি সন্মান লাভ কৰিব পাৰে এটা কুকুৰে । এনে এক ঘটনাই সংঘটিত হ’ল ব্ৰাজিলৰ এছপিতো সান্তোৰ অঞ্চলত ।

উক্ত অঞ্চলটোত অৱস্থিত হুণ্ডাই শ্ব’ৰূম এটাত টিছকন প্ৰাইম নামৰ কুকুৰটোৰ কাম-কাজত সন্তষ্ট হৈ এতিয়া কোম্পানীটোৰ শ্ব’ৰূমটোৰ এম্বেচাদৰ ৰূপে নিয়োগ কৰিছে । কুকুৰটোৱে সম্পাদন কৰা কাৰ্যক লৈ ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ।

শ্ব’ৰূমটোৰ কৰ্মী সকলে কুকুৰটোক বন্ধুৰ দৰে মৰম কৰিবলৈ ধৰাত শ্ব’ৰূমটোৰ কাম-কাজত যুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । এই শ্ব’ৰূমটোৰ ইনষ্টাগ্ৰামৰ একাউন্টত এই সকলো বোৰ ঘটনা প্ৰকাশ কৰা হৈছে।ইনষ্টাগ্ৰামত প্ৰকাশিত এই কুকুৰটোৰ ডিঙিত পৰিচয়পত জিলিকি আছে ।তদুপৰি ছবিখনৰ কেপচনত লিখা আছে, ‘হুণ্ডাই পৰিয়ালৰ নতুন সদস্য স্বাগতম ।’

Exit mobile version