মহানগৰীত আবকাৰী অভিযান, ৮ টা চুলাইৰ ভাটি উচ্ছেদ

WhatsApp Image 2020 08 06 at 6.55.35 PM

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই তলাবন্ধ – আন লকৰ মাজতো মহানগৰীত দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ-আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই মালিগাঁওৰ সমীপৰ আডেংগিৰী পাহাৰৰ ওপৰত চুলাই-মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় ।

অভিযান কালত ৮ টা চুলাই প্রস্তুত কৰা ভাটি ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৪,০০০ লিটাৰ পাছ, প্ৰায় ২০০ লিটাৰ চুলাই, মদ আৰু চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৭ যোৰ বিভিন্ন সা-সৰঞ্জাম জব্দ কৰা হয় । অৱশ্যে অভিযানৰ উমান পাই দুস্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয় । অভিযানকালত পাণ্ডু আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শক নজৰুল ইছলামকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে ।

Exit mobile version