অযোধ্যাত ৰাম মন্দিৰ ভাঙি এইবাৰ হ’ব মছজিদ: ইমাম সন্থাৰ মুৰব্বী

swarajya 2020 08 f6e7a484 59ad 4d44 b4a1 862c68e8882d EeqfpNFU8AE7cag

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰাৰ পাছতে বিভিন্ন মহলত মিশ্ৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে । একাংশই ইয়াৰ মাজতে উচতনিমূলক মন্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সূচনা কৰিছে । অল ইণ্ডিয়া ইমাম এছ’ছিয়েচনৰ সভাপতি ছাজিদ ৰছিদিয়ে এইবাৰ মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰা হ’ব বুলি হুংকাৰ দি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ।

তেওঁ কয়, ‘ইছলামৰ মতে এটা মছজিদ সকলো সময়তে মছজিদ হৈয়ে থাকে। কোনোদিন ইয়াক ভাঙি একো নিৰ্মাণ কৰিব নোৱাৰে। মোৰ এয়া বিশ্বাস যে তাত সকলো সময়তে মছজিদে থাকিব। মন্দিৰ ভাঙি কোনো মছজিদ আজি পৰ্যন্ত নিৰ্মাণ কৰা হোৱা নাই। এইবাৰ হয়তো মছজিদ নিৰ্মাণৰ বাবে মন্দিৰ ভঙা হ’ব।’

ইপিনে চুবুৰীয়া পাকিস্তানেও সুযোগ এৰি দিয়া নাই। সমালোচনা কৰিবলৈ নেৰা পাকিস্তানক সকীয়াই দিছে ভাৰতে। অন্যহাতে, নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱেৰত ভগৱান ৰামৰ ছবি তথা বিশাল ৰাম মন্দিৰৰ থ্ৰি ডি ছবিয়ে আলোড়নৰ সৃষ্টি কৰিছে । নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত প্ৰদৰ্শন কৰা এই ডিজিটেল ছবি সৰ্বাধিক ব্যয়বহুল বুলি কোৱা হৈছে।

Exit mobile version