ইটাখোলাত পানীৰ পৰা উদ্ধাৰ সুগৰী পহু

WhatsApp Image 2020 08 07 at 10.56.00 PM

বিশ্বনাথ জিলাৰ তথা উত্তৰ জামুগুৰিৰ নিকটৱৰ্তী ইটাখোলাৰ সমীপত অৱস্থিত শান্তিপুৰ গাঁৱত পানীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা সুগৰী পহু । গাওঁখনৰ নিৱাসী তথা ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক মিকুল কলিতাই আবেলি প্ৰায় চাৰি মান বজাত নিজ পুখুৰীত এটা পহু পৰি থকা প্ৰত্যক্ষ কৰে । পাছত গাঁৱৰ যুৱক এজনৰ সহায়ত প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ পহুটোক পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰে ।

শিক্ষক মিকুলৰ ঘৰত পহু ওলোৱা বাতৰি বিয়পি পৰাৰ লগে তাৎক্ষণিক ভাৱে পহু চাবলৈ বহু লোকে আহি ভিৰ কৰেহি । শিক্ষক মিকুলে ইটাখোলাস্থিত ডিপলোঙা বন সংমণ্ডল কাৰ্যালয়ত খৱৰ দিয়াত বনকৰ্মী তেওঁৰ ঘৰত উপস্থিত হৈ পহুটোক লৈ যায় । বনকৰ্মীৰ পৰা জানিব পৰা মতে উক্ত পহুটো বান পানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি ওখ ঠাই বিচাৰি গাঁৱত প্ৰৱেশ কৰিছিল ।

Exit mobile version