ভাৰতৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে । কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তলাবন্ধৰ পদক্ষেপ গ্ৰহণ কৰিলেও দেশৰ পৰিস্থিতি এই মহামাৰীয়ে এতিয়াও অস্থিৰ কৰি তুলিছে । প্ৰতিদিনে অসংখ্য নতুন ক’ভিড-১৯ সংক্ৰমিত ৰোগী ধৰা পৰিছে । ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰাটো অতি জৰুৰী বুলি চিকিৎসক বিশেষজ্ঞই পৰামৰ্শ দি আহিলেও এতিয়াও কিন্তু যথেষ্টসংখ্যক ভাৰতীয় লোকে এই মহামাৰীৰ সংক্ৰমণৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ প্ৰয়োজনীয় স্বাস্থ্যবিধি পালনত হেমাহি প্ৰদৰ্শন কৰি আহিছে । বহু লোকে আজিও মাস্ক পৰিধান কৰিব নিবিচাৰে ।
এক সমীক্ষাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি বহু ভাৰতীয়ই কেৱল ভয়তহে মাস্ক পৰিধান কৰে । পাব্লিক ৰিলেচনছ ছ’চাইটি নামৰ সংস্থাটোৱে চলোৱা সমীক্ষাৰ তথ্য অনুসৰি দেশৰ৪৪ শতাংশ লোকে এতিয়াও মাস্ক পৰিধান কৰিবলৈ অস্বস্তিবোধ কৰে । সবাতোকৈ উদ্বেগজনক কথাটো হৈছে দেশৰ ২৮ শতাংশ লোকে আৰক্ষীক দেখিলেহে মাস্ক পৰিধান কৰে ।
কাৰাদণ্ড , জৰিমনা ভৰাৰ শংকাতে এইসকল লোকে কেৱল আৰক্ষীক দেখা মাত্ৰকে মাস্ক পৰিধান কৰে । একেটা সমীক্ষাতে প্ৰকাশিত তথ্য অনুসৰি দেশৰ ন শতাংশ লোকে আজিও কোনো মাস্ক পৰিধান কৰা নাই। ভাৰতৰ ৭০ খন ক্ষুদ্ৰ আৰু বৃহৎ চহৰক সামৰি এই সমীক্ষাটোত অনলাইনৰ জৰিয়তে সম্পন্ন কৰা হৈছে।