প্লাজমা থেৰাপী ফলপ্ৰসূ নহয় : এইমছ

Dr Randeep Guleria

ক’ভিড-১৯ ত গুৰুতৰভাৱে অসুস্থ লোকক প্লাজমা থেৰাপী প্ৰদানেৰে সুস্থ কৰাৰ ব্যৱস্থা বৰ্তমান বহুলভাৱে প্ৰচলিত হৈছে, কিন্তু এই চিকিৎসা ব্যৱস্থা প্ৰকৃততে কিমান ফলপ্ৰসূ? প্লাজমা চিকিৎসাৰে মৃত্যুমুখী কৰ’না আক্ৰান্ত ৰোগীক সুস্থ কৰি তোলাৰ দাবী কৰিছে একাংশ চিকিৎসকে।

ADVERTISEMENT

অসমতো এনে সফলতা ব্যাপক হাৰত লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। সেইবাবে প্লাজমা দানৰ বাবে কৰ’নাৰ পৰা সুস্থ হোৱা লোকৰ মাজত সজাগতা বৃদ্ধিত ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক গুৰুত্ব আৰোপ কৰিছে ।

উল্লেখ্য যে, কেৱল লক্ষণযুক্ত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকেহে প্লাজমা দান কৰিব পাৰে আৰু এজন লোকৰ প্লাজমাই দুজন সংকটজনক ৰোগীক জীৱন দান দিব পাৰে বুলি প্ৰচাৰ চলিছে, কিন্তু প্লাজমা থেৰাপী ব্যৱস্থা ইমান ফলপ্ৰসূ নহয় বুলি মন্তব্য কৰে দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰীয়াই। প্লাজমা থেৰাপীৰ সন্দৰ্ভত কালি অনুষ্ঠিত হয় তৃতীয় নেচনেল ক্লিনিকেল গ্ৰেণ্ড ৰাউণ্ডছ।

তাত হোৱা আলোচনাৰ ভিত্তিত ডাঃ গুলেৰীয়াই কয়, প্লাজমা থেৰাপীৰ ব্যৱস্থাই কৰ’না আক্ৰান্তক মৃত্যুৰ দুৱাৰডলিৰ পৰা সঁচাকৈয়ে ঘূৰাই আনিব পাৰেনে সেই সন্দৰ্ভত কোনো স্পষ্ট আৰু প্ৰমাণিত তথ্য নাই।’ তেওঁ কয় যে সেই সন্দৰ্ভত এক পৰীক্ষাও সম্পন্ন হৈছে।

প্ৰসংগক্ৰমে উল্লেখ যে বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰতৰ চিকিৎসা গৱেষণা পৰিষদ(আই চি এম আৰ)ও প্লাজমা চিকিৎসা ব্যৱস্থাৰ সফলতা আৰু বৈধতাক লৈ ইতিমধ্যে কে’বাবাৰো প্ৰশ্ন উত্থাপন কৰিছে। এইমছৰে মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ নিৰজ নিশ্চলে আলোচনাত মন্তব্য কৰে যে এজন কৰ’না আক্ৰান্তক প্লাজমা থেৰাপী দিব লাগে বুলি তেওঁৰ আত্মীয়ই হেঁচা দিয়াটো উচিত নহয়। চিকিৎসক এজনেহে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব লাগে। এই পৰ্যন্ত ওলোৱা ফলাফলৰ ভিত্তিত উপযুক্ত পৰিমাণৰ প্লাজমা প্ৰয়োগৰ দ্বাৰা কৰ’নাত আক্ৰান্ত লোকৰ শৰীৰত এন্টিবডী গঢ়ি উঠা পৰিলক্ষিত হৈছে। তথাপি এই চিকিৎসা ব্যৱস্থাক লৈ ডাঃ নিশ্চলে যথেষ্ট আশংকা ব্যক্ত কৰে।

তেওঁ কয় যে প্লাজমা থেৰাপীয়ে প্ৰয়োগ কৰা লোকজনৰ শৰীৰলৈ আশংকাও কঢ়িয়াই নিয়ে। কাৰণ এজনৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা প্লাজমা আন এজনৰ শৰীৰত প্ৰয়োগৰ ফলত বিক্ৰিয়া সৃষ্টি হোৱাৰ সম্ভাৱনা ৰৈ যায়।

Exit mobile version