উপযুক্ত চিকিৎসাৰ অভাৱত ৰাজ্যত পুনৰ মৃত্যু বেতন বঞ্চিত শিক্ষকৰ

b5cc414b 3c6d 4b32 8f25 affbbec9603b

চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধিয়েই বিগত কংগ্রেছ চৰকাৰৰ দিনৰে পৰা বৰ্তমানলৈকে ৰাজ্যৰ বহু সংখ্যক শিক্ষকে মৃত্যুবৰণ কৰা কৰিব লগা বিষয়টোৱে শিক্ষক সমাজক শোকস্তব্ধ কৰি তোলা দেখা গৈছে ।যোৱা ৬ আগষ্ট তাৰিখে বঙাইগাঁও জিলাৰ কাবৈতাৰী গাঁওৰ আইনল হক (বয়স৫২) নামৰ শিক্ষক গৰাকীয়ে পুৱা ৫ বজাত ইহলীলা সম্বৰণ কৰে । প্ৰায় এটা বছৰ পূর্বৰ পৰা আইনুল হক মগজুৰ টিউমাৰত আক্ৰান্ত হৈ আছিল বুলি পৰিয়ালৰ সদস্য সকলে জানিবলৈ দিছে ৷

আইনুল হকৰ মৃত্যুত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থা সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । ৰাজ্যত বৰ্তমানলৈকে বহু সংখ্যক শিক্ষকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব লগা হোৱাৰ বাবে পোনপটীয়াকৈ অসম চৰকাৰক জগৰীয়া কৰিছে । কি কংগ্রেছ কি বিজেপি দুয়োখন চৰকাৰৰ শিক্ষামন্ত্রী ,মুখ্যমন্ত্রী প্ৰমুখ্যে জনপ্ৰতিনিধি সকলে বাৰম্বাৰ চাকৰি নিয়মীয়াকৰণ আশ্বাস প্রদান কৰি কেৱলমাত্ৰ ৰাজনৈতিক গিণিপিগ সজাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক সন্থাৰ বিষয়ববীয়াই ।

চৰকাৰী চাকৰি থকাৰ সুবাদত এইসকল শিক্ষকে চৰকাৰী বিভিন্ন আঁচনিৰ পৰাও বঞ্চিত হ’ব লগা হৈছে ৷বৰ্তমানৰ তলাবন্ধৰ ফলত এই সকল শিক্ষকৰ পৰিয়ালসমূহ পানীত হাঁহ নচৰাৰ দৰে অবস্থা হৈছে ৷গতিকে এই পৰিয়ালসমূহৰ দায়িত্ব কোনে বহন কৰিব বুলি এক প্ৰশ্ন উত্থাপন কৰাৰ উপৰিও সন্থাৰ উপদেষ্টা হেমকান্ত সন্দিকৈয়ে এনে পৰিয়াল সমূহক উপযুক্ত মৰ্যাদা প্ৰদান কৰিবৰ বাবেও দাবী জনাইছে ।

উল্লেখ্য যে বিজেপি চৰকাৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণৰ ৰাজহুৱা আশ্বাস প্রদান কৰা চৰকাৰ খনে চাৰিটা বছৰ অতিক্রম কৰাৰ পাছতো সমাধান কৰিব নোৱাৰা বিষয়টোৱে চৰকাৰৰ ব্যর্থতা দাঙি ধৰিছে বুলি অভিযোগ কৰে সন্থাই । সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই চলিত মাহৰ ১৫ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ আহ্বান জনাইছে । ইয়াৰ অন্যথা পুনৰ ৰাজ্যজুৰি এক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ হংকাৰ দিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ৷

Exit mobile version