কাছাৰৰ ধ্ৰুৱজ্যোতি নাথৰ হত্যাকাণ্ডৰ ৩জনক গ্ৰেপ্তাৰ

5ef5487182fc2 2574725 102717 kfsn dig threat visalia arrest img

কাছাৰ জিলাৰ কাজিডহৰ ধ্ৰুৱজ্যোতি নাথৰ হত্যাকাণ্ডত জড়িত ৩জনক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে।অভিযুক্ত কেইজন ৰাজীৱ ছাষা,মনদীপ ৰয় আৰু খোকা বাউৰি ।ধৃত ৰাজীৱ ছাষা পূৰ্বেও কেবাটাও অপৰাধমূলক কাণ্ডৰে স’তে জড়িত আছিল ।কোনো লোকে ধ্ৰুৱজ্যোতিক অপহৰণ কৰিবলৈ ২লাখ টকা মাননী আগবঢ়োৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ধৃত ৰাজীৱে ।

কিন্ত সেই ব্যক্তিজনৰ প্ৰকৃত পৰিচয় আৰক্ষীক অৱগত কৰা নাই ৰাজীৱে। ঘটনাৰ সন্দৰ্ভত আৰু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।উল্লেখ্য যে ধৃত খোকা বাউৰি দেহত ধৰা পৰিছে কভিড পজিটিভৰ ভাইৰাছ ।বাকী দুই অভিযুক্তৰ স্বাৱ টেষ্টৰ ৰিপোৰ্ট এতিয়াও অহা নাই ফলত আজি আদালতত হাজিৰ কৰিব পৰা নগ’ল দুই অভিযুক্তক।এই তথ্য জনালে কাছাৰ আৰক্ষী অধীক্ষক বি এল মীনায় ।

Exit mobile version