কৰ’নাত আক্ৰান্ত নগাঁও আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু

9e9b6253 1af7 472c 8155 f45cda88d51c

নগাঁও আৰক্ষীৰ এজন কনিষ্টবল ক’ভিড পজিটিভত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাতে যোৱা নিশা মৃত্যু হয়। কৰ’নাৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা নগাঁও আৰক্ষীৰ কনিষ্টবলজনৰ নাম লক্ষেশ্বৰ হাজৰিকা (৫৭)। কামপুৰ ঘিলানী গাঁৱৰ হাজৰিকাই বটদ্ৰৱা আৰক্ষী চক্ৰৰ চি আইৰ গাড়ী চালক হিচাপে নিয়োজিত হৈ আছিল। তেওঁ নগাঁও পুলিচ ৰিজাৰ্ভৰ কোৱাৰ্টাৰত আছিল।নগাঁও স্বাস্থ্য বিভাগ আৰু আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে,লক্ষেশ্বৰ হাজৰিকা যোৱা ২৯জুলাইত কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল।

সেই দিনাই তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পাছলৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা চাৰি জুলাইত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে চিকিৎসাৰত অৱস্থাতে কালি নিশা প্ৰায় ৮.১০বজাত গুৱাহাটীৰ চিকিৎসালয়তে আৰক্ষীৰ কনিষ্টবল হাজৰিকাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী,এটি ল’ৰা এটা আৰু ছোৱালীক ইহ সংসাৰত এৰি থৈ গৈছে।

আৰক্ষী জোৱানজনৰ মৃত্যুত নগাঁও আৰক্ষীৰ লগতে কামপুৰত শোকৰ ছাঁ পৰিছে। ইপিনে, তেওঁৰ মৃতদেহটো ঘৰলৈ আনি সৎকাৰ কৰিবলৈ পৰিয়ালৰ লোকে ইচ্ছা প্ৰকাশ কৰিছিল যদিও মৃতদেহটো নগাঁৱলৈ অনা নহয় বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে প্ৰকাশ কৰিছে। তেওঁ কয় যে,হাজৰিকাৰ মৃতদেহটো সকলো ধৰণৰ স্বাস্থ্য বিধি মানি চলি,ক’ভিডৰ সকলো প্ৰট’কল মানি চলি গুৱাহাটীতেই সৎকাৰৰ ব্যৱস্থা কৰা হৈছে।

ইপিনে,আজি পুৱা নগাওঁ আৰক্ষী চাউনীত সম্পূৰ্ণ সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলি নগাঁও আৰক্ষীয়ে এক শোকসভা অনুষ্ঠিত কৰি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা আৰক্ষী কনিষ্টবল জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, অতিৰিক্ত আৰক্ষী অধীক্ষক,উপ আৰক্ষী অধীক্ষক সহ আন আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷

Exit mobile version