কেৰেলাত উদ্ধাৰ কৰা এয়াৰ ইণ্ডিয়া বিমানখনৰ উদ্ধাৰ কৰা হৈছে ব্লেক বক্স ৷ডি চি জি ৰ বিষয়াসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ব্লেক বক্সটো ৷উল্লেখযোগ্য যে শুক্ৰবাৰে সংঘটিত এই দুৰ্ঘটনাত প্ৰায় ১৫ জন লোকৰ মৃত্যু হৈছে।
দেশৰ নতুন মহাগাণনিক বিষয়া ৰূপে শপত ল’লে জি চি মুমুৰ্য়ে ৷ৰাষ্ট্ৰপতি ভৱনত হোৱা এক অনুষ্ঠানত ৰামনাথ কোবিন্দে তেওঁক শকত বাক্য পাঠ কৰোৱাই ৷এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ো উপস্থিত আছিল।
কৰ’নাৰ পাছত এতিয়া চীনত এছ এফ টি এছ ভাইৰাছৰ সন্ত্ৰাস ৷এই ভাইৰাছ এবিধ কীটৰ দ্বাৰা সৃষ্টি হৈছে ৷৬ আগষ্টলৈকে এই ভাইৰাছত প্ৰাণ গ’ল ৩জনৰ ৷
২০২১ বৰ্ষত অনুষ্ঠিত হ’ব টি ২০ বিশ্ব কাপ ।এই কথা সদৰী কৰিছে আই চি চিয়ে ৷আনহাতে টি ২০ বিশ্বকাপৰ অনুষ্ঠিত হোৱাৰ খবৰে উৎফুল্লিত কৰিছে ক্ৰিকেট অনুৰাগীক ৷
মহানগৰীৰ আমবাৰীত বন গাহৰি আক্ৰমণত আহত হ’বলগা হৈছে ৪জনকৈ লোক ৷ আহতলোক কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাস্থলীত লতাশিল আৰক্ষী লগতে নাৰেংগী বন বিভাগৰ কাৰ্য্যালয় বিষয়া আহি বন গাহৰিটোৰ সন্ধান চলাইছে যদিও এতিয়ালৈকে বিচাৰি পোৱা নাই গাহৰিটোক ৷
