চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ উদ্ধাৰ। 

5846da4d 16d6 4515 bdf4 5e8049e7fe0a

চিৰাঙৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নতুন মাটীত সেনা-আৰক্ষীয়ে যোৱা নিশা ১১.৩০ বজাত ২নং নতুন মাটীত চলাইছিল এই যৌথ অভিযান। গোপনে পোৱা তথ‍্যৰ ভিত্তিত চলোৱা এই অভিযান নিশাই সামৰণি পৰে যদিও দলটোৱে এটা মাৰণাস্ত্ৰ সহ ঔষধ আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ভাৰত-ভুটান সীমান্তৰ পৰা ১৫.৫ কিলোমিটাৰ দুৰৰ তথা সীমান্তৰ ১৮৬/৩ নং খুটাৰ ওচৰত এচ এচ বিৰ ৫৪ নং বেটেলিয়নৰ ধলা সীমান্ত চকীৰ সহযোগত এই অভিযান চলাইছিল । ইতিমধ‍্যে উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰসমূহ বিজনী থানাৰ আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে কিছুদিন পুৰ্বেও মাৰণাস্ত্ৰ উদ্ধাৰ হৈছিল চিৰাং জিলাত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ধাৰাবাহিক ভাৱে বিটিচিৰ বিভিন্ন জিলাত এই দৰে মাৰণাস্ত্ৰ উদ্ধাৰ হৈ আছে। যি সযময়ত কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে এন ডি এফবিৰ চাৰিওটা গোটৰ সৈতে বিটিআৰ গঠনৰ বাবে শান্তি চুক্তি স্বাক্ষৰ কৰিছে সেই সময়ত এই দৰে মাৰণাস্ত্ৰ উদ্ধাৰে শংকিত কৰিছে সাধাৰণ নাগৰিকক।

Exit mobile version