চিৰাঙৰ ছাপাগুৰীত পথ দুৰ্ঘটনাঃএজন নিহত, দুজন আহত

f15b1c7a b968 474c 9cdc edd035f1856a

চিৰাঙৰ চাপাগুৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । পুৱা ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । চিৰাং জিলাৰ নাঙল ভাঙাৰ বাসিন্দা মোমিন আলী(৪৫),তেওঁৰ পত্নি হেলেনা পাৰবিন(৩৫) আৰু তেওঁৰ জীয়ৰী মাৰজীয়া পাৰবিন(৫) এ বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত শশুৰেকৰ ঘৰৰ পৰা ঈদৰ নিমন্ত্ৰণ খাই চিৰাঙৰ নাঙলভাঙা স্থিত নিজৰ ঘৰলৈ আহি আছিল।

এএচ ১৯এইচ ৮৮৫২ নম্বৰৰ এচিভাৰ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত ছাপাগুৰীত পিছফালৰ পৰা অহা এন এল০২কিউ-৪০৭৩ নম্বৰৰ তেলৰ টেঙ্কাৰে খুন্দিওৱাৰ ফলত মটৰচাইকেল চলাই থকা মোমিন আলী আৰু তেওঁৰ পাঁচ বছৰীয়া জীয়েক মাৰ্জীয়া খাতুন বাগৰি এফালে পৰি আহত হোৱাৰ লগতে আৰু পত্নি হেলেনা পাৰবিন (৩৫)ৰ মূৰৰ ওপৰেৰে টেঙ্কাৰৰ চকা যোৱাত থিতাতে নিহত হয় । বৰ্তমান আহত দুজনক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰিছে আৰু নিহত জনক মৰণোত্তৰ পৰীক্ষাৰ ব‍্যৱস্থা কৰিছে ।

সম্প্ৰতি এই ঘটনাই সমগ্ৰ নাঙলভাঙা অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷আনহাতে চিৰাঙৰ ছাপাগুৰীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভূলৰ ফলতে এই দৰে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ দিছে ৰাইজে । ছাপাগুৰীত প্ৰায় ছমাহৰ পৰা ট্ৰেফিক ছিগনেল পইন্ট বেয়া হৈ থকাৰ লগতে নিশা কোনো ধৰণৰ পোহৰৰ ব‍্যৱস্থাও কৰা নাই। টোলগেট স্থাপন কৰি টকা সংগ্ৰহ ঠিকেই কৰিছে কিন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো বিশেষ কাম কৰা পৰিলক্ষিত হোৱা নাই । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাৰ সংখ‍্যা বৃদ্ধি পাইছে বুলি স্থানীয় লোকে অভিযোগ কৰে ।

Exit mobile version