চিৰাঙৰ লাইমুতিত বন‍্যহস্তীৰ তাণ্ডৱ

a16175ce 9b88 4b88 934d 8dd2b1bc780d

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত  লাইমুতিৰ চানজৌৰাং গাঁৱত কালি নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডবৰ সৃষ্টি কৰে। ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত চাৰি সন্তানৰ মাতৃ নিবাছী হাজোৱাৰী (ে৪৫) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷ নিশা ১০:৩০ বজাত , নিবাছি হাজোৱাৰীৰ বাসগৃহত তাণ্ডৱচলায় বনৰীয়া হাতীটোৱে ।

লগতে ভাঙি চুৰমাৰ কৰে ঘৰখন। মহিলাগৰাকীৰ স্বামী জুৱেল হাজোৱাৰী(৫০) কোনোমতে ঘৰৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও নিবাছি হাজোৱাৰী(৪৫)নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় । ইফালে মহিলাগৰাকীক ৰাইজে চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু ঘটে৷ স্থানীয় লোকে জনায় যে আহত অৱস্থাত আছিল বনৰীয়া হাতীটো । আহত হাতীটোৰ গাত কে’বাঠাইত আঘাতৰ চিন স্পষ্ট আছিল । কোনে কেতিয়া কিয় বনৰীয়া হাতীটোক আক্ৰমন কৰিছে সেয়া এতিয়াও ৰহস‍্যজনক।

দুবছৰ মান পূৰ্বেও এইদৰে আহত হাতী এটাই সীমান্তৰ দেউশ্ৰী বৰ্মন পাৰাৰ ওচৰত আহত অৱস্থাত আহি কে’বাদিনো বনৰ মাজত চিঞৰ বাখৰ কৰি অৱশেষত মৃত‍্যু হৈছিল । বন‍্য হস্তীৰ আক্ৰমণত মৃত‍্যুৰ ঘটনা এয়া চিৰাঙত নতুন নহয় । প্ৰায়েই এইদৰে চিৰাঙত বন্যহস্তীৰ আক্ৰমণত মৃত‍্যুৰ ঘটনা সংঘটিত হৈ আহিছে । এই ক্ষেত্ৰত বন বিভাগে যি দৰে ব‍্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণে ব‍্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে হস্তী মানুহৰ সংঘাত বৃদ্ধি পাইছে ।

Exit mobile version