তলাবন্ধত শিশুজনিত অপৰাধ বৃদ্ধি

1528793436.21 Child abuse img1

কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে অব্যাহত থকা তলাবন্ধ তথা শেহতীয়া বান পৰিস্থিতিৰ ভয়াৱহতাৰ সুযোগত ৰাজ্যত সক্ৰিয় হৈ উঠিছে বিভিন্ন অপৰাধী চক্ৰ। এই তলাবন্ধৰ সময়চোৱাত উদ্বেগজনক ভাৱে ৰাজ্যত বৃদ্ধি পাইছে শিশুজনিত অপৰাধ ৷

অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ শেহতীয়া পৰ্যালোচনা বৈঠকত পোহৰলৈ আহিছে এই তথ্য ৷শিশু সুৰক্ষা আয়োগৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা অনুসৰি বৰ্তমানে ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৩৯ শতাংশই শিশু। ইয়াৰে৷ছবছৰ পৰ্যন্ত বয়সৰ শিশুৰ হাৰ ১৪ শতাংশ ৷একেদৰে সাত বছৰৰ পৰা ১৪বছৰ বয়সৰ শিশু ১৭ শতাংশ আৰু ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশু আঠ শতাংশ ৷এই শিশুসকলৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে উভয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত বৃদ্ধি পাইছে শিশু জনিত অপৰাধ ৷ফলত চলিত বৰ্ষৰ পহিলা মাৰ্চৰ পৰা যোৱা ২৮ জুলাই পৰ্যন্ত ৰাজ্যত সংঘটিত হৈছে ১৩৩ টা শিশুৰ ওপৰত যৌন আতিশয্য চলোৱাৰ ঘটনা।

একেদৰে এই সময়ছোৱাত শিশু সৰবৰাহৰ ঘটনা সংঘটিত হৈছে ৬৪ টা। লগতে বাল্য বিবাহ সম্পন্ন কৰাৰ অভিযোগত ৪৭ টা আৰু শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যত এই সময়ছোৱাত ১৩ টা গোচৰ ৰজু কৰা বুলি সূত্ৰটোৱে জনায় ৷এইয়া ৰাজ্যখনৰ কাৰণে বিপদজনক পৰিস্থিতি বুলি সুত্ৰটোৱে উল্লেখ কৰে ।এই সম্পৰ্কত সূত্ৰটোৱে জনোৱা মতে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে অব্যাহত থকা প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ সময়ত তুলনামূলকভাৱে চুৰি ডকাইতিকে ধৰি আন অপৰাধজনিত ঘটনা হ্ৰাস পায় ।

কিন্তু এই সময়ছোৱাত বৃদ্ধি পাইছে শিশুজনিত অপৰাধ ৷যোৱা পহিলা মাৰ্চৰ পৰা ২৮ জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যত ৰজু হৈছে ২৫৭ টা শিশুজনিত অপৰাধ সম্পৰ্কীয় গোচৰ ৷বাহ্যিক দৃষ্টিত এই সংখ্যা সামান্য যেন লাগিলেও সমাজ খনৰ কাৰণে এইয়া ভয়াৱহ প্ৰতিচ্ছবি ৷বিগত মাৰ্চ মাহৰ পৰা তলাবন্ধ হৈ আছে ৰাজ্যখনত ৷তলাবন্ধৰ ক্ষেত্ৰত থকা কেতবোৰ নীতি নিৰ্দেশনা শিথিল কৰাৰ সময়তে ভুক্তভোগী শিশুৰ অভিভাৱকে বিভিন্ন আৰক্ষী থানাত ৰজু কৰিছে৷সংশ্লিষ্ট গোচৰসমূহ ৷

এই তথ্যই তলাবন্ধৰ সময়ছোৱাত শিশুজনিত অপৰাধ নিয়ন্ত্ৰণ নোহোৱাটোকে সূচোৱা বুলি সূত্ৰটোৱে জনায়। তদুপৰি ভালেসংখ্যক অভিভাৱকে বিভিন্ন কাৰকৰ বাবে শিশুজনিত অপৰাধ গোচৰ পঞ্জীয়ন কৰাৰ পৰাও বিৰত থাকে। এই সম্পৰ্কীয় গোচৰ পঞ্জীয়ন নোহোৱাটোৱে শিশু জনিত অপৰাধ হ্ৰাস পোৱাটো নুবুজোৱা বুলিও সূত্ৰটোৱে জনায় ।বৰঞ্চ এই সময়ছোৱাত শিশুজনিত অপৰাধ সংখ্যা অভাৱনীয়ভাৱে হাৰত বৃদ্ধি পোৱা বুলিহে সূত্ৰটোৱে জনায় ৷

Exit mobile version