মহানগৰীত আবকাৰী অভিযান , ১৭ টা চুলাইৰ ভাটী উচ্ছেদ

500b4eb0 5bb0 4942 bb89 3e42be27e270

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই তলাবন্ধ আন লকৰ মাজতো মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই লখৰাৰ সমীপৰ লালমাটি আৰু চাংমাইঘুলি পাহাৰৰ ওপৰত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় ।

অভিযান কালত ১৭ টা চুলাই প্রস্তুত কৰা ভাটী ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৭,০০০ লিটাৰ পাছ, প্ৰায় ২৫০ লিটাৰ চুলাই মদ , আৰু চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় ১০০ যোৰ বিভিন্ন সা – সৰঞ্জাম জব্দ কৰা হয় । অৱশ্যে অভিযানৰ উমান পাই দুস্কৃতিকাৰীসকল পলাই যাবলৈ সক্ষম হয় ।

Exit mobile version