অগ্নিনিৰ্বাপনত ব্যৰ্থ বিদেশী বিশেষজ্ঞই এৰিলে বাঘজান

ddddddddddddd

অৱশেষত বাঘজানৰ অগ্নিকাণ্ড নিৰ্বাপণত ব্যৰ্থ হৈ স্বদেশলৈ উৰা মাৰিলে ছিংগাপুৰৰ বিশেষজ্ঞৰ দল । যোৱা ২৭ মে’ত অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্হিত বি জি আৰু পাঁচ নম্বৰ তৈলখাদত সংঘটিত বিস্ফোৰণৰ ফলত কূপটো নিয়ন্ত্ৰণ কৰিবলৈ সাত জুনত বিদেশী বিশেষজ্ঞৰ দল আহি উপস্থিত হোৱাৰ পাছতে ন জুনত অগ্নিকুণ্ডলৈ পৰিণত হোৱা বাঘজান এতিয়া অনাকাংক্ষিত ভৱিষ্যতৰ দিশে ধাৱমান হৈছে ।

কিয়নো আজিও তৈলখাদটো দাউ দাউকৈ জ্বলি থকা জুইকুৰা নিয়ন্ত্ৰণলৈ অহাৰ পূৰ্বেই চিংগাপুৰৰ মেচাৰ্ছ এলাৰ্ট ডিজেষ্টাৰ ব্ল আউট কন্ট্ৰল এক্সপাৰ্ট কোম্পানীটোৰ বিশেষজ্ঞ ডাগ ডলাচ্, ক্ৰেইগ নেইল ডানকান, এণ্টনী ষ্টিভেন ৰেইনল্ড আৰু মেকলয়ড এডৱাৰ্ড স্বদেশলৈ উৰা মাৰিছে ।

উল্লেখ্য যে, কূপটোৰ নিয়ন্ত্ৰণলৈ অনাৰ কাৰ্যত নিয়োজিত মাইকেল আৰ্নেষ্ট এলৰ্কন আৰু এডৱাৰ্ড হেৰিছ মেকলয়ডৰ সতে একেলগে কাম কৰিছিল ৰি চাৰিজন বিশেষজ্ঞই। ইয়াৰ উপৰি যোৱা ২২ জুলাইত কূপটো নিয়ন্ত্ৰণৰ বাবে বি অ’ পি স্থাপন কৰিবলৈ যাওঁতে সংঘটিত অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হৈছিল ইতিমধ্যে উভতি যোৱা ডাগ ডলাচ্, ক্ৰেইগ নেইল ডানকান আৰু এণ্টনী ষ্টিভেন ৰেইনল্ড ।

উল্লেখ্য যে বিশেষজ্ঞৰ দলটোৱে বাৰে বাৰে চেষ্টা কৰিও প্ৰতিবাৰেই কূপটো নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বাবেই অৱশেষত স্ব-গৃহলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু বাঘজানৰ তৈলখাদটো নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়াও স্পষ্ট হোৱা নাই।

Exit mobile version