অযোধ্যাৰ মছজিদৰ শিলন্যাসলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নিমন্ত্ৰণ কৰা হ’বঃ ট্ৰাষ্ট

Yogi Adityanath

উত্তৰ প্ৰদেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অযোধ্যাৰ ধানীপুৰত নিৰ্মাণ হ’ব লগা মছজিদৰ আধাৰশিলা স্থাপনৰ কাৰণে নিমন্ত্ৰণ কৰা হ’ব । এইকথা সদৰী কৰিছে ষ্টেট চেন্ট্ৰেল চুন্নী ৱাকফ বৰ্ডে । ইফালে উচ্চতম ন্যায়ালয়ে দিয়া পাঁচ একৰ ভূমিত মছজিদ, এখন চিকিৎসালয়, এটা পুথিভঁৰাল, এটা ৰাজহুৱা ৰন্ধনশালা,এটা গৱেষণাগাৰ নিৰ্মাণ কৰা হ’ব ৷ এই অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক আমন্ত্ৰণ কৰা হ’ব ৷ এই কথা পিটিআইক জনাই ইণ্ডো ইছলামিক কালছাৰেল ফাউণ্ডেচন অৰ্থাৎ IICF ৰ সচিব অথাৰ হুচেইনে ।

তেওঁ কয় যে মুখ্যমন্ত্ৰী আদিত্য নাথে এই অনুষ্ঠানত ভাগ লোৱাৰ লগতে সকলো ৰাজহুৱা অনুষ্ঠানটো ভাগ ল’ব ৷ আনহাতে মছজিদৰ আধাৰশিলা স্থাপনৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অথাৰ হুচেইনে কয় যে হানফি , হানবলী, ছফী আৰু মালিকীৰ মতে মছজিদৰ শিলন্যাসৰ কৰাত কোনো বাধা নাই । লগতে মছজিদ নাম “বাবৰি মছজিদ” হ’ব নে বা অন্য নাম হ’ব সেই বিষয়ে কোনো কথা সম্প্ৰতি ভবা নাই বুলি কয় হুছেইনে । অৱশ্যে মছজিদ নিৰ্মাণৰ পিছতহে নামৰ সন্দৰ্ভত চিন্তা কৰা হ’ব বুলি মন্তব্য কৰে হুছেইনে ।

মছজিদৰ নামৰ কোনো অৰ্থ নাই  ৷ আল্লাৰ দৃষ্টিত মছজিদৰ কৰা “সাজাদা”হে বেছি গুৰুত্বপূৰ্ণ ৷ এই মন্তব্য হুচেইনৰ ৷ উল্লেখযোগ্য যে যোগী আদিত্য নাথে বিগত দিনত মন্তব্য কৰিছিল যে মছজিদৰ শিলন্যাসলৈ তেওঁক নামাতিলে তেওঁ নাযায় । সম্প্ৰতি মছজিদ কৰ্তৃপক্ষৰ ফালৰ পৰা অহা নিমন্ত্ৰণত যোগী আদিত্যনাথে কি পদক্ষেপ লয় সেয়া হ’ব গুৰুত্বপূৰ্ণ।

Exit mobile version