কৰ’না ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত অহা সপ্তাহত ভাল খবৰটো দিব ৰাছিয়াই

2020 04 10T101626Z 1381094164 RC2M1G9O1B56 RTRMADP 3 HEALTH CORONAVIRUS VACCINE min 1586956004

কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ সময়তে ৰাছিয়াৰ পৰা আহিছে এটা ভাল খবৰ ৷ বিশ্বত কৰ’নাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে অহা ১২ আগষ্টত ৰাছিয়াই আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিব প্ৰথমটো কৰ’না ভেকচিন ৷ এই কথা সদৰী কৰিছে দেশখনৰ উপস্বাস্থ্যমন্ত্ৰী অ’লেগ গ্ৰীডনেভে ৷ ভেকচিন কিমান নিৰাপদ সেয়া পৰীক্ষাৰ বাবে পঞ্জীয়নৰ পিছত ভেকচিন ১৬০০ লোকৰ শৰীৰত প্ৰদান কৰা হ’ব ৷

Gam Covid Vac Lyo নামৰ ভেকচিনটো ৰুচৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু গামালেয়া নেশ্যনেল চেন্টাৰ ফৰ ৰিছাৰ্ছ অন এপিডিমিয়োল’জি এণ্ড মাইক্ৰ’বায়ল’জিয়ে তৈয়াৰ কৰিছে । ইফালে ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে যি কৰ’না ভেকচিন তৈয়াৰ কৰিছে সেয়া প্ৰাৰম্ভিক পৰীক্ষাত ১০০ শতাংশ সফল হৈছে । ভেকচিন পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি যিসকল লোকৰ ওপৰত কৰ’নাৰ ভেকচিন পৰীক্ষা কৰা হৈছে সেইসকল লোকৰ শৰীৰত এন্টব’ডি গঠন হৈছে । উপ স্বাস্থ্যমন্ত্ৰী অ’লেগ গ্ৰীডনেভে কয় “ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে ।

এই পৰীক্ষাত ভেকচিনটো সুৰক্ষিত হয় নে নহয় সেয়া সুনিশ্চিত কৰা হ’ব ৷ সেয়েহে আমি এই ভেকচিনৰ প্ৰয়োগ প্ৰথমতে জ্যেষ্ঠলোক বা মেডিকেল প্ৰফেচনেলক দিয়া হ’ব ৷ আনহাতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে ভেকচিনৰ পৰীক্ষাৰ প্ৰতিবেদনত এন্টিবডি বিকশিত হোৱাৰ প্ৰমাণ পোৱা গৈছে ৷ গতিকে যাৱতীয় বাকী তথ্য পাতি আহিলেই জনসাধাৰণৰ মাজলৈ এৰি দিয়া হ’ব কৰ’নাৰ ভেকচিন ।

উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াই তৈয়াৰ কৰা ভেকচিনক লৈ বহু আশংকা ব্যক্ত কৰিছে ৷ হু সম্প্ৰতি ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাক লৈ শংকিত ৷ ‘হুু’ৰ মতে ৰাছিয়াই কৰ’না ভেকচিন নিৰ্মাণত মানিবলগীয়া নীতি নিয়ম অমান্য কৰিছে । গতিকে ভেকচিনৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰাটো কঠিন হৈ পৰিছে ৷ ভেকচিন উৎপাদনৰ কাৰণে বহু গাইডলাইন নিৰ্মাণ কৰা হৈছে ৷ গতিকে ইয়াক মানিবই লাগিব ৷

অৱশ্যে শেহতীয়াকৈ ৰাছিয়াই ভেকচিনৰ সন্দৰ্ভত সকলো পৰীক্ষা শেষ হোৱাৰ বিষয়ে দাবী কৰে । আনহাতে ড° এন্থনী ফুচি নামৰ এজন বিশেষজ্ঞই কয় “মই আশা কৰিছো ৰাছিয়াই কৰ’না ভেকচিন মানব দেহত প্ৰয়োগ কৰাৰ আগত পৰীক্ষা কৰিব ৷”

Exit mobile version