ভূমিকম্পই টলাব নোৱাৰিব ঐতিহাসিক ৰাম মন্দিৰক

Screenshot 25

যুগে যুগে বহু ধুমুহাৰ সন্মুখীন হৈছে সনাতন ধৰ্ম ৷ এনে বহু ধুমুহা আহিলেও, প্ৰাকৃতিক দুৰ্যোগে বহু সময়ত শিৰনত কৰিছে হিন্দু মন্দিৰৰ সন্মুখত ৷ ইপিনে বহু সময়ত আকৌ প্ৰকৃতিৰ ৰুদ্ৰমূৰ্ত্তি সন্মুখত হাৰ মানিছে প্ৰতিৰোধ ব্যৱস্থাই, কিন্তু এনে কোনো দুৰ্যোগ অস্থিৰতাই ক্ষতিসাধন কৰিব নোৱাৰিব অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ ৷ এইদৰে দাবী ৰাম জন্মভূমি ন্যাসৰ ৷

ইয়াৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে ৰাম মন্দিৰৰ এইদৰে গঢ়ি তুলিবলৈ নক্সা প্ৰস্তুত কৰা হৈছে ৷ অতি শক্তিশালী হ’ব ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য । ফলত যিকোনো ধৰণৰ বৃহৎ ভূমিকম্পৰ ভাৰ অনায়াসে ৰাম মন্দিৰে ৷ বহন কৰিব পাৰিব ৷ তেওঁ কয় যে আগন্তুক অন্তত এহেজাৰ বছৰ এই ৰাম মন্দিৰৰ কোনো ক্ষতিসাধন নহয় ৷ যিকোনো ধৰণৰ প্ৰাকৃতিক বিপৰ্যয় আগন্তুক এহেজাৰ বছৰ ৰাম মন্দিৰে চম্ভ পাৰিব বুলি তেওঁ দাবী কৰে ৷

ৰায়ে কয় “পুনৰ নিৰ্মাণৰ বাবে এই মন্দিৰ আৰু তাৰ সংলগ্ন অঞ্চল খন্দা হৈছিল ৷ সেই সময়ত পুৰণি মন্দিৰৰ বহু নিদৰ্শন পোৱা গৈছে ৷ কে’বাশ বছৰ পুৰণি বহু নিদৰ্শন আমাৰ হাতলৈ আহিছে ৷ সেইবোৰ নতুন মন্দিৰত প্ৰদৰ্শনৰ বাবে ৰখা হ’ব ৷ তেওঁ পুনৰ কয় যে নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে যি ধৰণৰ শক্তিশালী খুঁটা মাটিৰ গভীৰতা সংস্থাপন কৰা হয় । ৰাম মন্দিৰৰ ক্ষেত্ৰতো এনে শক্তিশালী খুঁটা নিৰ্মাণ কৰা হ’ব ৷ এইসমূহৰ ওপৰত ৰাম মন্দিৰৰ কাঠামো অৱস্থিত হ’ব ৷ শক্তিশালী খুঁটাৰ বাবে বৃহৎ ভূমিকম্পই মন্দিৰক ক্ষতি কৰিব নোৱাৰিব ।

এই কথা প্ৰকাশ কৰি তেওঁ কয়, মন্দিৰ নিৰ্মাণৰ বাবে ন্যাসৰ একাউণ্টত ৪২ কোটি টকা আছে এটকাৰ পৰা এক কোটি টকালৈ ন্যাসক বহুতে অনুদান দিছে । আগন্তুক সময়ত আৰু দিব ৷ মন্দিৰ নিৰ্মাণৰ দায়িত্বত বৃহৎ নিৰ্মাণ সংস্থা লাৰছন এণ্ড টাৰ্বোৰ বিষয়াসকলে যোৱা বৃহস্পতিবাৰে জনোৱা মতে মন্দিৰৰ নক্সা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে ৷

Exit mobile version