আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আক্ৰান্ত হৈছে কৰ’নাত ৷ আজি কৰ’না পৰীক্ষা কৰা হৈছিল আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ ৷ইতিমধ্যে তেওঁৰ সকলো নিৰাপত্তাৰক্ষীৰো ক’ভিড১৯ টেষ্ট কৰোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যত পুনৰ ১১২৩জনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷লগতে বিগত ২৪ ঘন্টাত ২৪,৪৯২ জনৰ ক’ভিড১৯ পৰীক্ষা কৰা হৈছে ৷ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৫৮,৮৩৭ জন,সুস্থ হৈছে ৪০,৫৯১জন আৰু মৃত্যু হৈছে ১৪৫ জনৰ৷