কৰ’নাৰ অজুহাতত বাছনি বন্ধ

unnamed 3

সংস্কাৰৰ নামত ভেঁকোভাওনা চলিছে অসম লোকসেৱাত ৷স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনভাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ হাতলৈ গ’লেও দীৰ্ঘদিন ধৰি অব্যাহত থকা এ পি এছ চিৰ বিশৃংখলা আঁতৰা নাই। ফলত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১৫৯১ টা পদৰ নিযুক্তি লৈ চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷এ পি এছ চিৰ চূড়ান্তঅৱহেলাৰ বাৱেই এইসমূহ পদৰ সম্প্ৰতি স্তব্ধ হৈ পৰিছে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া ৷

এ পি এছ চিৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে চৰকাৰে চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে অনুমোদন দিয়া হৈছে ।এই সম্পৰ্কত সূত্ৰটোৱে জনোৱা মতে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অধীনস্থ পলিটেকনিকসমূহত খালী হৈ থকা প্ৰবক্তাৰ ২৭১ টা পূৰণৰ উদ্দেশ্য এ পি এছ চিয়ে ২০১৭ ৰ ২৫ মে”ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰে ।সেই মৰ্মে ২০১৭ ৰ ৩১ জুলাইৰ ভিতৰত আবেদন দাখিল প্ৰক্ৰিয়া সম্পন্ন হয়। কিন্তু উক্ত পদসমূহৰ বাছনি প্ৰক্ৰিয়া আজিও সম্পন্ন কৰিব নোৱাৰিলে এ পি এছ ছিয়ে ৷শেহতীয়াকৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ কৰ’নাৰ ভয়াৱহতাৰ বাবে উক্ত পদসমূহৰ বাছনি প্ৰক্ৰিয়া বাতিল কৰা বুলি যোৱা ২১ জুলাইত এ পি এছ চিৰ সচিব ইন্দিৰা আৰ কলিতাই ২৪৪/পি এছ চি /ই -৯/২০১৬-২০১৭ নম্বৰ অধিসূচনাযোগে ঘোষণা কৰে।

কেৱল সেয়াই নহয়,তথ্য আৰু জনসংযোগ বিভাগৰ কনিষ্ঠ তথ্য বিষয়াৰ পাঁচটা পদ পূৰণৰ বাবে ২০১৮ ৰ ২৮ ফ্ৰেব্ৰুৱাৰীত জাৰি কৰা বিজ্ঞাপনৰ আধাৰত ২০১৯ ৰ ১৯ ছেপ্তেম্বৰতে প্ৰাৰ্থীসকল লিখিত পৰীক্ষাত অৱতীৰ্ণ হয় ।কিন্তু এই পৰ্যন্ত প্ৰাৰ্থীসকলক এ পি এছ চিয়ে বাচনি কৰিব নোৱাৰিলে ।অথচ এইসমূহ পদৰ বাছনি প্ৰক্ৰিয়াৰ স্থবিৰতা সম্পৰ্কত এ পি এছ ছিয়ে৷কৰ’নাৰ ভয়াৱহতাকে অজুহাত হিচাপে দাঙি ধৰিছে।

একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী হৈ থকা সহকাৰী অভিযন্তাৰ ২৪ টা পদ পূৰণৰ বাবে ২০১৭ ৰ আঠ মে’ত এ পি এছ চিয়ে বিজ্ঞাপন প্ৰকাশ কৰে,কিন্তু উক্ত পদসমূহৰো বাছনি প্ৰক্ৰিয়া আজিও সম্পন্ন হোৱা নাই। সেইদৰে নগৰ উন্নয়ন বিভাগৰ গৱেষণা সহায়কৰ নটা পদৰ বাবে ২০১৮ৰ ২৯ ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ কৰা এপিএছচিয়ে ২০১৯ ৰ ২৯ ডিচেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত কৰে। কিন্তু বাছনি পৰীক্ষা আজিও সম্পন্ন নহ’ল ৷

এই পদসমূহৰো বাছনি প্ৰক্ৰিয়া অজুহাত স্বৰূপে কৰ’নাৰ আশ্ৰয় লোৱা বুলি কয় সূত্ৰটোৱে। সম্প্ৰতি কৰ’নাৰ আঁৰত বাছনি পৰীক্ষা অনুষ্ঠিত নকৰাৰ আঁৰত কি ৰহস্য লুকাই আছে বুলি প্ৰশ্ন উত্থাপিত হৈছে ৷এ পি এছ চি ৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু অন্যান্য সহযোগীসকলক গ্ৰেপ্তাৰৰ পাছতে এ পি এছ চি সংস্কাৰৰ নামত সৰ্বানন্দ সোনোৱাল চৰকাৰে দিয়া শ্ল’গান অন্যান্য বিষয়বোৰৰ দৰেই শ্ল’গানতে সীমাবদ্ধ হৈ ৰ’ব বুলি সৰ্বত্ৰে চৰ্চিত হৈছে ৷

Exit mobile version