চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

newsinner

আজি পুনৰ কেৰেলাৰ ভূমিস্খলনত মৃত্যু হোৱা ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ লগে লগে কেৰেলাৰ ভূমিস্খলনত নিহতৰ সংখ্যা বৃদ্ধি পালে ৪৮ গৰাকীলৈ৷ উল্লেখযোগ্য যে কেৰেলাৰ ইড্ডুকী জিলাৰ ৰাজমালাত সংঘটিত হৈছিল এই ভূমিস্খলন।

পুনৰ কংগ্ৰেছলৈ যাব নেকি ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা শচীন পাইলট ।কাৰণ পাইলটে ৰাহুল গান্ধীক সাক্ষাৎ কৰিবৰ কাৰণে সময় বিচাৰিছে ৷সম্প্ৰতি শচীন পাইলটে ৰাহুল গান্ধীক লগ ধৰি কি কথা আলোচনা কৰিব বুলি চৰ্চা চলিছে৷দেশৰ ৰাজনৈতিক মহলত ৷

এইবাৰ শ’লঠেকত পৰিছে ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়াল ৷ৰিয়া ভাতৃক ১৮ ঘন্টা জেৰা কৰাৰ পিছত এইবাৰ ইডিয়ে প্ৰায় ৯ ঘন্টা জেৰা কৰিব ৰিয়াৰ পৰিয়ালক। উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতেই বিতৰ্কত সোমাই পৰিছে ৰিয়া চক্ৰৱৰ্তী ৷

গুৱাহাটীত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হোৱা মখলেশ আলীৰ মৃত্যু হয়। সৰ্থেবাৰীৰ বেলবাৰীৰ মখলেশ আলী আছিল পুৰাতত্ত্ব বিভাগৰ চকীদাৰ ।গুৱাহাটী প্ৰেছ ক্লাবত বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰিছিল মখলেশ আলীক।

প্ৰায় চাৰি তিনি বছৰত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম শেষ কৰাৰ পৰিকল্পনা কৰিছে মন্দিৰৰ টাষ্টে। মন্দিৰটোক ৰাজস্থানৰ গোলাপী পাথৰত ফুটাই তোলা হ’ব। আনহাতে মন্দিৰটোত ব্যয় হ’ব প্ৰায় ৩০০ কোটি টকা ।

Exit mobile version