ফেচবুক বান্ধৱী :কৰ’না ভেকচিনৰ কেঁচামালৰ নামত লুটিলে ৫৫লাখ

Ashish Sahu

কৰ’না প্ৰতিৰোধী ভেকচিনক লৈ খবৰৰ বজাৰ গৰম হৈ থকাৰ সময়তে ফেচবুক বান্ধৱীয়ে ভাৰতীয় ব্যৱসায়ীৰ পৰা লুটি নিলে ৫৫লাখকৈ টকা ।ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগত ।ব্যৱসায়ী জনৰ নাম আশিচ চাউ।স্কটলেণ্ডৰ বুলি দাবী কৰা যুৱতীগৰাকীয়ে নিজকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটি ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ প্ৰ’কিউমেন্ট মেনেজাৰ হিচাপে চিনাকি দিয়ে ব্যৱসায়ীজনক।ইয়াৰ পাছত দুয়োৰে কথা -বাৰ্তা হ’বলৈ লয় ।

ADVERTISEMENT

কথা -বাৰ্তাত যুৱতীগৰাকীয়ে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোত কৰ’না ভেকচিনক লৈ গৱেষণা হৈ থকাৰ সন্দৰ্ভতো জনায় ।গৱেষণাৰ বাবে ভাৰতৰ পৰাই কেঁচামাল নিয়াৰ কথাও জনায় যুৱতীগৰাকীয়ে।ভাৰতৰ পৰা প্ৰেৰণ কৰা কেঁচামালৰ বাবে বৃহৎ ৰাশিৰ ধন ‘কমিছন’ হিচাপে দিয়াৰ কথাও যুৱতীগৰাকীয়ে জনায়।কেঁচামাল প্ৰেৰণ কাৰ্যত ব্যৱসায়ীজনকো অংশগ্ৰহণ কৰিবলৈ যুৱতী গৰাকীয়ে আহ্বান জনায় ।

মহাৰাষ্ট্ৰৰ এটি প্ৰতিষ্ঠানৰ ঠিকনা,ফোন নম্বৰ ,ই-মেইল ,আই ডি আদি ব্যৱসায়ীজনক দিয়ে বান্ধৱীয়ে।লগতে জনায় যে ছয় জুলাইত এই কেঁচামাল সংগ্ৰহ কৰিব সেয়ে ৪০শতাংশ অগ্ৰিম ধন প্ৰতিষ্ঠানটিক দিব লাগিব ।নিৰ্দেশ অনুসৰি টকা প্ৰদান কৰে ব্যৱসায়ীজনে ।ইয়াৰ পাছতো আৰু ধন দাবী কৰাত মুঠতে ৫৪ লাখ ৬১ হেজাৰ টকা দি দিয়ে ব্যৱসায়ীজনে ।কিন্তু টকা দিয়াৰ পাছতো কেঁচামাল লাভ নকৰিলে ব্যৱসায়ীজনে ।

মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটিক যোগাযোগ কৰাৰ চেষ্টাও কাৰ্যত ব্যৰ্থ হয় ।টকা লাভ কৰি বান্ধৱীয়েও গুৰুত্ব নিদিয়া হ’ল ।ইয়াৰ পিছতে ব্যৱসায়ী জনে থানাত দিলে এজাহাৰ ।কিন্তু বৰ্তমানলৈ বিদেশী বান্ধৱীৰ লগতে মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৰ কোনো শুংসূত্ৰ নাই ।

Exit mobile version