মাস্ক পৰিধানত পঞ্চম স্থানত ভাৰত

104224787 tv050424063

কৰ’না ভাইৰাছৰ পৰা বাচি থাকিবলৈ নিয়মিতৰূপে মাস্ক পৰিধান কৰাটো সম্প্ৰতি বিশ্বৰ প্ৰায়সংখ্যাক লোকে অভ্যাসত পৰিণত কৰিছে ।ভাৰতৰ ‘ইপছ’ছ ইণ্ডিয়া’ নামৰ সংস্থাটোৱে বিশ্বৰ ১৫খন দেশত মাস্কৰ ব্যৱহাৰ সন্দৰ্ভত এক সমীক্ষা চলায় ।এই সমীক্ষাৰ ফলাফল অনুসৰি ইউৰোপ আৰু আমেৰিকাৰ উন্নত দেশসমূহৰ তুলনাত এছিয়াৰ দেশসমূহ কৰ’নাৰ সচেতনতাৰ তালিকাৰ শীৰ্ষত আছে ভিয়েটনাম

।দেশখনৰ প্ৰায় ৯১ শতাংশ লোকে মাস্ক পৰিধান কৰে ।তালিকাৰ দ্বিতীয়ত আছে চীন ,তৃতীয়ত ইটালী ,চতুৰ্থত জাপান আৰু পঞ্চমত আছে ভাৰত ।ভাৰতৰ প্ৰায় ৭৬শতাংশ লোকে মাস্ক পৰিধান কৰে ।সমীক্ষাৰ ফলাফলে লগতে দাবী কৰিছে যে ব্ৰিটেইনৰ মাত্ৰ ১৬ শতাংশ, জাৰ্মানীৰ ৩০শতাংশ ,অষ্ট্ৰেলিয়াৰ ২১ শতাংশ,কানাডাৰ ২৮ শতাংশ আৰু ফ্ৰান্সৰ ৩৪শতাংশ লোকেহে নিয়মিতৰূপে মাস্ক পৰিধান কৰে ।

Exit mobile version