মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক

Sarbananda Sonowal Contact Details

আজি খানাপাৰাৰ অসম প্ৰশাসনিক কলেজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মন্ত্ৰীসভাৰ এক গুৰুত্ব পূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷এই বৈঠকত কে’বাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ ভিতৰত

ADVERTISEMENT

লাইব্ৰেৰীয়ান সকলৰ পাৰিশ্ৰমিক ৯০০ টকাৰ পৰা ১২০০০ হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় সোনোৱাল মন্ত্ৰীসভাৰ বৈঠকত। লগতে লাইব্ৰেৰীয়ানসকলৰ সহায়কসকলে পোৱা ৫৫০ টকাৰ পাৰিশ্ৰমিক ৯৫০০ টকালৈ বৃদ্ধি কৰা হয় ।

এই বৈঠকত বেচৰকাৰী বিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হয় ৷ এতিয়াৰে পৰা কমিটিয়ে নিৰ্ধাৰণ কৰিব বেচৰকাৰী বিদ্যালয়ৰ মাচুল ৷

আনহাতে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ষ্ট্ৰীট ভেণ্ডৰ এক্টৰ মতে ব্যৱসায়ৰ স্থান নিৰ্ধাৰণ কৰা হ’ব। এই ক্ষেত্ৰত জৰীপৰ সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে ৷

ইপিনে বজালী মহকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন দিয়া হৈছে এই বৈঠকত ৷বজালীত সৃষ্টি কৰা হৈছে ৮৫ টা নতুন পদ ।

আজি বৈঠকখনত ৰাজ্যত নতুনকৈ ৬৮৮ খন বাছ চলোৱাৰ সিদ্ধান্ত লোৱা হয় ।ইয়াৰ ৰাজ্যিক ৰাজধানী অঞ্চলত ২৩৩ খন,কম দূৰত্বত ১৪৭ খন,দীৰ্ঘ দূৰত্বত ২৩৮ বাছ চলিবলৈ দিয়া হ’ব ৷আনহাতে দীৰ্ঘ দূৰত্বৰ বাছসমূহ চলিব এ এছ টি চিৰ অধীনত ৷

লগতে ৰাজ্যত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি SDRF ৰ আন দুটা নতুন বেটেলিয়ন সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Exit mobile version