ৰাজস্থানৰ চৰকাৰৰ নতুন মোৰ

1594756801 7598

ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলট আৰু প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত দীৰ্ঘদিন চলি থকা ৰাজস্থানৰ ৰাজনীতিৰ শীতল যুদ্ধখনৰ মাজতে আজি শচীন পাইলট মিলিত হয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী আৰু দলৰ মহাসচিব প্ৰিয়ংকা গান্ধী স’তে ।দলৰ এক বিশেষ সূত্ৰৰ মতে শচীন পাইলট ৰাহুল আৰু প্ৰিয়ংকাৰ সন্মুখত নিজৰ বিচাৰধাৰা ব্যক্ত কৰে ৷

আনহাতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও শচীনৰ মতামতক গুৰুত্ব সহকাৰে বিচাৰ বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে ।ইফালে শচীন পাইলটক সাক্ষাৎ কৰাৰ আগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰায় ডেৰ ঘন্টা এক আলোচনাত মিলিত হয়। ইয়াৰ পিছত দুয়ো ৰাহুল গান্ধী আবাসৰ পৰা ওলাই অন্য স্থানত শচীন পাইলটৰ লগত সাক্ষাৎ হয়। ইয়াৰ লগে লগে বিগত কিছুদিন ধৰি ৰাজস্থানত কংগ্ৰেছৰ ভিতৰত চলি থকা উত্থান পতনৰ অৱসান ঘটিব বুলি আশা কৰিছে ৰাজনৈতিক বিশেষজ্ঞই।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী আশোক গেহলটৰ ফালৰ পৰা দুবাৰ বিধায়কৰ দলৰ বৈঠক অনুষ্ঠিত কৰাৰ পিছতো শচীন পাইলট উপস্থিত হোৱা নাছিল। ইয়াৰ পিছত শচীন পাইলটক উপমুখ্যমন্ত্ৰী পদৰ লগতে প্ৰদেশ অধ্যক্ষ পদৰ পৰা আঁতৰাই দিয়া হয়। মুখ্যমন্ত্ৰী আশোক গেহলটে পাইলটক কেৱল উপমুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাতেই ক্ষান্ত নাথাকি তেওঁক অকৰ্মণ্য বুলি মন্তব্য কৰে ।সম্প্ৰতি পাইলট পুনৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গৰ লগত মিলিত হৈছে ।আৰু অনতি পলমে ইয়াৰ সমাধান উলিয়াব বুলি আশা কৰিছে সকলোৱে।

Exit mobile version