অকলেণ্ডৰ ৰাধাকৃষ্ণ মন্দিৰত প্ৰাৰ্থনা জেছিণ্ডা আৰ্ডেৰ্নেৰ

123

নিউজিলেণ্ডৰ নাগৰিকৰ মাজত যথেষ্ট জনপ্ৰিয় দেশখনৰ প্ৰধানমন্ত্ৰী জেছিকা আৰ্ডেৰ্নে ।ইয়াৰ অন্যতম কাৰণ হৈছে সকলো নাগৰিকৰ প্রিয় তেওঁৰ সপ্ৰতিভ আচৰণ ।সম্প্ৰতি নিউজিলেণ্ডত থকা প্ৰবাসী ভাৰতীয়সকলকো প্ৰধানমন্ত্ৰী গৰাকীৰ আচৰণে মুগ্ধ কৰি তুলিছে।ভাৰতীয় ভক্তৰ দৰেই কিৱি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে অকলেণ্ডত থকা ৰাধাকৃষ্ণ মন্দিৰ ।মন্দিৰত ভাৰতীয় ৰীতি-নীতি অনুযায়ী সকলোকে নমস্কাৰো কৰিলে আৰ্ডেৰ্নে।

আনকি তেওঁ ভাৰতীয় খাদ্যও গ্ৰহণ কৰিলে ।মন্দিৰত আৰ্ডেৰ্নেক স্বাগত জনোৱাৰ বাবে উপস্থিত আছিল নিউজিলেণ্ডৰ ভাৰতীয় ৰাষ্ট্ৰদূত মু্ক্তেশ কে পৰদেশী।প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাধাকৃষ্ণ মন্দিৰ পৰিদৰ্শন কৰা কে’বাখনো ফটো নিজৰ টুইটাৰ হেণ্ডেলত প’ষ্ট কৰিছে পৰদেশীয়ে ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতীয় পৰম্পৰা অনুযায়ী জোতা খুলিহে মন্দিৰত প্ৰৱেশ কৰে ।মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে পুৰোহিতসকলে সংস্কৃতত মন্ত্ৰ উচ্চাৰণ কৰে ।প্ৰধানমন্ত্ৰী গৰাকীক উত্তৰীয় আৰু টিকাৰ সহযোগত স্বাগত জনোৱা হয় ।প্ৰধানমন্ত্ৰী গৰাকীয়ে ও সকলোকে ভাৰতীয় পৰম্পৰা অনুযায়ী হাতযোৰ কৰি ‘নমস্তে ‘কয় ।

মন্দিৰত প্ৰাৰ্থনা কৰাৰ পাছত আৰ্ডেৰ্নেই সকলোৰে স’তে পুৰী, বুটৰ তৰকাৰী আৰু ডাইল খোৱা পৰিলক্ষিত হয় ।তেওঁৰ এই ফটো আৰু ভিডিঅ’সমূহ ইতিমধ্যেই ভাইৰেল হৈ পৰিছে।সেই ভিডিঅ’ আৰু ফটো দেখি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভাৰতৰ ইণ্টাৰনেট ব্যৱহাৰকাৰী সকল ।

Exit mobile version