আন্তৰাজ্যিক পাৰপত্ৰৰ সন্দৰ্ভত দুই সপ্তাহৰ ভিতৰত কেন্দ্রীয় চৰকাৰৰ মতামত দাখিলৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India

অসমৰ পৰা আন্তৰাজ্যিক পাৰ পত্ৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে । দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক দুই সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত মতামত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । শুনানি কালত দেশৰ মুখ্য  ন্যায়াধীশ  গৰাকীয়ে বিষয়টো গুৰুতৰ বুলিও মন্তব্য কৰে ।

শুনানিৰ সময়ছোৱাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি জেষ্ঠ অধিবক্তা বিকাশ সিঙে আন্তৰাজ্যিক পাৰপত্ৰ প্ৰত্যাহাৰৰ জাননীখনৰ অন্তৱৰ্তীকালীন স্থগিতাদেশৰ নিৰ্দেশ বিচৰাত মুখ্য ন্যায়াধীশে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী নোহোৱাৰ কাৰণ দৰ্শাই তেনে নিৰ্দেশ দিয়াৰ পৰাৰ বিৰত থাকে । কিন্তু অসমৰ বেলিকা আইনখন পৃথককৈ বিশ্লেষণৰ পোষকতা কৰে মুখ্য ন্যায়াধীশে ।

অন্যহাতেদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক প্ৰতিনিধিত্ব কৰি অধিবক্তা ৰুণা ভূঞাই কেন্দ্রই নিজৰ মতামত দাখিল নকৰাৰ বিষয়টো উত্থাপন কৰে । উচ্চতম ন্যায়ালয়ে তাৰ পাছত কেন্দ্ৰক দুই সপ্তাহৰ ভিতৰত মতামত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।উল্লেখযোগ্য যে আন্তৰাজ্যিক পাৰপত্ৰ  থকা ৰাজ্য সমূহত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য নহয় ।

Exit mobile version