কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীত শীঘ্ৰে গঢ়ি উঠিব আন্দোলন

61550cbb 432e 49ca b372 1279528c9a89

কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰতিখন চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণা আৰু সহ্য কৰা নহ’ব। আগন্তুক ১৫ আগষ্টৰ ভিতৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো চৰকাৰে যদি স্পষ্ট নকৰে তেন্তে পুনৰ শীঘ্ৰে গঢ়ি তোলা হ’ব বৃহৎ আন্দোলন। এই মন্তব্য সদৌ অসম কোচ ৰাজবংশী সন্মিলনী,মহিলা সন্মিলনী  আৰু যুৱ ছাত্ৰ সন্মিলনীৰ৷ জনগোষ্ঠীটোৰ তিনিওটা সংগঠনে যৌথভাৱে গুৱাহাটী প্ৰেছ ক্লাৱত আজি এক এক সংবাদমেল সম্বোধন কৰি সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ কুমাৰ বৰাই কয়”আমাৰ স্পষ্ট মত৷

চলিত বৰ্ষত চৰকাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগিব। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে এই ক্ষেত্ৰত ১৫ আগষ্টৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ লগতে ঘোষিত কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে ৰাজহুৱা কৰক ।”উল্লেখযোগ্য যে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত ২০১৯ ৰ ফ্ৰেব্ৰুৱাৰীত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন ক’ত বুলি আজিৰ সংবাদমেলত জনগোষ্ঠীটোৰ সংগঠনকেইটাই প্ৰশ্ন কৰি কয় যে কেন্দ্ৰক সেই প্ৰতিবেদনখনে প্ৰতিবেদন দিলে নে নাই আজিও চৰকাৰে স্পষ্ট নকৰিলে ৷

এই ক্ষেত্ৰত তেওঁলোকে গভীৰ উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে ।উল্লেখযোগ্য যে চাৰিবাৰকৈ অধ্যাদেশ জাৰি কৰি জনজাতিৰ মৰ্যাদা প্ৰদানৰ পাছতো কোচ ৰাজবংশী জনগোষ্ঠীয়ে জনজাতিৰ প্ৰাপ্য মৰ্যাদা লাভ নকৰাটো জনগোষ্ঠীটোৰ বাবে এক সন্মান ৰক্ষাৰ স্বাৰ্থত এইবাৰ প্ৰবঞ্চিত হ’লে জংগী আন্দোলনৰ গত্যন্তৰ নাই বুলি কয়।

ইফালে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠনৰ  আনুষ্ঠানিকতা শীঘ্ৰে আৰম্ভ কৰিবলৈ সন্মিলনীয়ে আজিৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায়। সমগ্ৰ ৰাজ্যতে সিঁচৰতি হৈ থকা কোচ ৰাজবংশী লোকসকলৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত উপগ্ৰহীয় পদ্ধতিৰ জৰিয়তে সকলোকে সাঙুৰি কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সন্মিলনীয়ে দাবী উত্থাপন কৰে। ইয়াৰ উপৰি ইতিপূৰ্বে গঠন হৈ থকা কোচ ৰাজবংশীৰ উন্নয়ন পৰিষদখনো শীঘ্ৰে পুনৰ গঠন কৰিবলৈ তিনিওটা সংগঠনে চৰকাৰক দাবী জনাই জনগাঁথনি ভিত্তিত পুঁজি আৱন্টনৰ ব্যৱস্থা কৰক বুলি উল্লেখ কৰে ।

Exit mobile version