সমগ্ৰ বিশ্ববাসীলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৰাছিয়াই

766b6426fc679f931feeb1d9ae4c90d8

“মই মোৰ দুগৰাকী জীয়ৰীৰ ভিতৰত এগৰাকীক কৰ’না ভাইৰাছৰ ভেকচিন দিছো। আৰু এতিয়া তেওঁ সুস্থ ৷”আজি এই কথা সদৰী কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ।লগতে পুটিনে কৰ’না ভাইৰাছৰ সুৰক্ষিত ভেকচিন তৈয়াৰ কৰাৰ কথাও ঘোষণা কৰে। সমগ্ৰ বিশ্বত কৰ’নাৰ সংহাৰী ৰূপৰ মাজতে ৰাছিয়াৰ কৰ’না ভাইৰাছৰ ভেকচিনৰ খবৰে সম্প্ৰতি সকলোৰে মাজত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

ৰাছিয়াৰ এক বিশেষ সূত্ৰৰ মতে Gam Covid Vac Lyo নামৰ ভেকচিনে স্বাস্থ্য মন্ত্ৰণালয়ৰ মঞ্জুৰী লাভ কৰিছে ৷সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি এই ভেকচিনক প্ৰাৰম্ভিক পৰ্যায়ত মেডিকেল কৰ্মী,শিক্ষক আৰু জৰুৰীকালীন সেৱাত জৰিত লোকসকলক দিয়া হ’ব। ইফালে ৰাছিয়াই পূৰ্বেই উল্লেখ কৰিছিল যে তেওঁলোকে ভেকচিন প্ৰস্তুত কৰাৰ কাৰ্যত যথেষ্ট সফল হৈছে ৷১০-১২ আগষ্টৰ ভিতৰত ভেকচিনৰ পঞ্জীয়ন কৰা হ’ব ।অৱশ্যে এই ভেকচিনক লৈ আমেৰিকাই ৰাছিয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। কৰ’নাৰ এই ভেকচিনটো প্ৰস্তুত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু গামালেয়া নেশ্যনেল চেন্টাৰ ফৰ ৰিছাৰ্ছ অন এপিডিমিঅ’ল’জি এণ্ড মাইক্ৰবায়’লজিৰ যুটীয়াভাবে প্ৰস্তুত কৰিছে ৷

সকলো যাৱতীয় কাৰ্য সঠিকমতে ৰূপায়ণ হ’লে এই ভেকচিনটো অক্টোবৰত লোকসকলে লাভ কৰিব ৷ আনহাতে ৰাছিয়াৰ এক সংবাদ মাধ্যমৰ মতে আজি দেশখনৰ শীৰ্ষ নেতৃত্বৰ লগত ৰাষ্ট্ৰপতি পুটিনৰ হোৱা মত বিনিময়ত কয় ” আজি পুৱা আমি বিশ্বৰ প্ৰথমটো কৰ’না ভাইৰাছৰ ভেকচিনক পঞ্জীয়ন কৰিলো৷” পুটিনৰ লগত এই সংবাদ মেলত দেশখনৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুশ্বাৰফেও অংশ লৈছিল ৷

স্বাস্থ্যমন্ত্ৰী মুশ্বাৰফে কয়” আমাৰ ভেকচিনে ভাল ফলাফল দিছে আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিছে। মই আকৌ কৈছো যে ইয়াৰ কাৰণে ভেকচিনৰ সকলো পৰীক্ষা সম্পূৰ্ণ হ’ল।”আনহাতে ৰাছিয়াই পূৰ্বতে দাবী কৰা অনুসৰি ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল ১০০ শতাংশ সফল হৈছে ।যিসকল লোকে এই ভেকচিন লৈছে তেওঁলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে ৷ ইপিনে ৰাছিয়াৰ এই ভেকচিনক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰিও বহু বিশেষজ্ঞ আশংকা প্ৰকাশ কৰিছে ৷ হুৰ আশংকা যে যিসকলৰ এন্টীব’ডিজ তৈয়াৰ হৈ আছে সেইসকলৰ কাৰণে এই ভেকচিন বিপদজনক হ’ব পাৰে।

ৰাছিয়াৰ ৰোগ সংক্ৰমক বিশেষজ্ঞ আলেকজেণ্ডাৰ চেপুৰন’বে এই ভেকচিনৰ যাৱতীয় তথ্য ৰাজহুৱা নকৰাৰ কাৰণে সন্দেহ কৰিছে। বিশেষজ্ঞৰ মতে যিকোনো ভেকচিন প্ৰয়োগ কৰিলে ভাইৰাছ বৃদ্ধি পোৱাৰ আশংকা অধিক ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন তৈয়াৰ কৰিবলৈ নীতি নিৰ্দেশনা মানি চলা নাই। গতিকে ভেকচিনৰ সফলতাত আশা কৰাটো কঠিন। কিন্তু আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ঘোষণাক বিশ্ব স্বাস্থ্য সংস্থাই কেনেদৰে লয় সেয়া হ’ব লক্ষ্যনীয় ৷

Exit mobile version