সম্প্ৰতি বিকল্প কামৰ সন্ধানত ব্যস্ত হৈ পৰিছে বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন ।কেন্দ্ৰই শেহতীয়াকৈ বিভিন্ন নীতি-নিয়মৰ মাজেৰে চিত্ৰগ্ৰহণত অনুমতি প্ৰদান কৰিছে ।কৰ’না সংকটৰ বাবে ৬৫ বছৰৰ অধিক বয়সীয়াল শিল্পী ,কলা-কুশলীসকলে চিত্ৰগ্ৰহণত অংশ লোৱাৰ বাবে ষ্টুডিঅ’লৈ আহিব নোৱাৰিব ।
দেশৰ অধিকাংশ ঠাইতে এই নিয়ম বাহাল আছে যদিও যোৱা সপ্তাহত বম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰত এই নিয়ম খাৰিজ কৰিছিল।তৎসত্তেও কামলৈ ওভতাক কেন্দ্ৰ কৰি নিশ্চিত হ’ব পৰা নাই বিগ -বি ।সেইবাবেই নিজৰ চিন্তাৰ কথা জনাই তেওঁ ব্লগত বিকল্প কামৰ সন্ধান কৰিছিল।নিজৰ অফাৰ লেটাৰ ব্লগত প’ষ্ট কৰিছিল বচ্চনে। ইয়াতে এছডি নামৰ এজন অনুৰাগীয়ে তাৰকাজনলৈ উদ্দেশ্যে কৰি লিখিলে ,’মহাশয় ,আপোনাৰ যদি কোনো কাম নাথাকে আৰু তাৰ পাছতো যদি নিজক মহান বুলি ভাবে ,তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েই হৈ যাব পাৰে ।’
ইয়াতে ক্ষান্ত নাথাকি সেই অনুৰাগীয়ে বিগ বিলৈ আন এটা চাকৰিৰ প্ৰস্তাৱো দিয়ে ।প্ৰবীণ অভিনেতা জনে যদি জীৱনত এনে কিবা কৰিব বিচাৰে ,যি চিৰন্তন হৈ থাকিব তেন্তে তেওঁক শান্তি বিক্ৰী কৰাৰ প্ৰস্তাৱ দিয়ে অনুৰাগীজনে ।শান্তি বিক্ৰীৰ বাবে বচ্চনৰ কাৰণে এখন ফ্ল’-চাৰ্টও তৈয়াৰ কৰি দিয়ে এছডি নামৰ অনুৰাগীজনের।অনুৰাগীৰ এই ধৰণৰ প্ৰস্তাৱত স্বয়ং বিগ-বিও অতি আনন্দিত হৈছে।
অফাৰ লেটাৰৰ শেষত তেওঁ লিখিছে ,’তেতিয়াহ’লে এইবাৰ চাকৰি সুনিশ্চিত হ’ল ।’ উল্লেখ্যযে কৰ’নাৰ পৰা মুক্ত হৈ বচ্চন সম্প্ৰতি হোম আইছ’লেছনত অশেষ।বহুদিন চিকিৎসালয়ত থকাৰ পাছত বলিউডৰ শ্বাহেনশ্বাহ অলপতে নিজৰ বাসভৱন ‘জলসা’ লৈ উভতি গৈছে।