উলুবাৰীত পৌৰনিগমৰ পানী অপচয়

ulubari 1

গুৱাহাটী মহানগৰীৰ উলুবাৰী চাৰিআলিৰ লাইফ ফাৰ্মাচীৰ সন্মুখত পৌৰনিগমৰ পানীৰ পাইপৰ পৰা এনেদৰে প্ৰতিদিনে হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি সেই স্হানত বৃহত্তৰ অঞ্চলবাসী নাগৰিকৰ পানী যোগানৰ বাবেই এটি চাবি সংস্হাপিত হৈ আছে ৷ একেটা চাবিৰে বছৰ বছৰ ধৰি ব্যৱহাৰ হোৱাৰ পিছত চাবিটোৰ চাৰিওপিনে ক্ষয় গৈছে ৷

যাৰবাবে সেই স্হানৰে পানী নিৰ্গত হোৱা দেখিবলৈ পোৱা গৈছে ৷ কে’বাবছৰ ধৰি এই চাবি নতুনকৈ সংস্হাপন কৰা হোৱা নাই ৷ সেয়া পৌৰনিগমে নাগৰিকক যোগান ধৰিব নোৱাৰা পানী ড্ৰেইনৰে বৈ গৈছে ৷ তৎসত্বেও কানসাৰ নাই পৌৰনিগম কৰ্তৃপক্ষৰ ৷ যিটো সময়ত এটুপি পানীৰ বাবেই মহানগৰীৰ একাংশ নাগৰিকে হাহাঁকাৰ কৰিবলগীয়া হৈছে, সেই সময়ত এনেদৰে পানী অপচয় হোৱা সহজভাৱে ল’বপৰা নাই স্হানীয় নাগৰিকে ৷

মহানগৰীৰ ৭০ শতাংশ পানীযোগান ধৰিব নোৱাৰা গুৱাহাটী পৌৰনিগমে সামন্য চাবিটো মেৰামতি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক বুলি একাংশ নাগৰিকে মত ব্যক্ত কৰে ৷ এনেকৈ পানী অপচয় হোৱাৰ বাবেই একাংশ বাসিন্দাই পৰ্যাপ্ত পানী লাভ কৰা নাই ৷ সেয়ে পৌৰনিগমৰ কৰ্তৃপক্ষক শীঘ্ৰেই এই চাবিৰ কাম মেৰামতি কৰিবলৈ স্হানীয় নাগৰিকে আহ্বান জনায় ৷

Exit mobile version