কৰ’না-নিবাৰক বিছনাৰ গাদীত শয়ন মেছিৰ

Screenshot 36

কৰ’না ভাইৰাছৰ পৰা নিজৰ পৰিয়ালক সুৰক্ষিত কৰাৰ বাবে এখন বিশেষ বিছনাৰ গাদী ক্ৰয় কৰিছে আৰ্জেন্টিনাৰ ফুটবল মহাতাৰকা লিয়নেল মেছিয়ে । এই গাদী খনৰ বিশেষত্ব হ’ল চাৰি ঘণ্টাৰ ভিতৰতে কৰ’না ভাইৰাছক মাৰি পেলাব পাৰে । মহাতাৰকা ফুটবলাৰ জনে এতিয়া সেই কৰ’না-নিবাৰক গাদীতেই পৰিয়ালৰ স’তে সুখনিদ্ৰাত মগ্ন হৈছে ।

স্পেইনৰ বিভিন্ন সংবাদ পত্ৰত প্ৰকাশ পোৱা অনুসৰি, টেক মুন নামৰ কোম্পানীটোৱে এই বিশেষ আৰামী গাদীখন বজাৰলৈ আনিছে । এই গাদী প্ৰস্তুতকাৰক কোম্পানীটোৱে দাবী কৰিছে যে এই গাদীখনে তাৰ ওপৰত শয়নৰত লোকজনৰ শৰীৰত থকা কৰ’না ভাইৰাছক চাৰি ঘণ্টাৰ ভিতৰতে মাৰি পেলাব পাৰিব ।

গাদীখনত থকা নেন’পাৰ্টিকলএ ‘ভিৰুক্লিন’ পদ্ধতিৰ সাহায্যত ৯৯শতাংশ ভাইৰাছ-বেক্টেৰিয়াক নাশ কৰে । এই দাবীৰ সত্যতা এতিয়াও নিৰূপণ হোৱা নাই । মেছিয়ে ক্ৰয় কৰা এই গাদী খনৰ মূল্য নশ ইউৰো অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৮৮ হেজাৰ টকা ।

Exit mobile version