কৰ’না ভেকচিন লৈ পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে পুটিন কন্যাৰ

77481122

আনুষ্ঠানিকভাৱে কৰ’না ভেকচিনক ৰেজিষ্টাৰ কৰা ৰাছিয়া প্ৰথম দেশ হিছাপে পৰিগণিত হ’ল ৷ ভেকচিনৰ প্ৰথম প্ৰয়োগ কৰা হ’ল ৰাষ্ট্ৰপতি পুটিনৰ এগৰাকী জীয়ৰীৰ দেহত ৷ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি ভেকচিনটো প্ৰয়োগ কৰাৰ পিছত শৰীৰৰ তাপমাত্ৰা হ্ৰাস পাইছে পুটিনৰ জীয়ৰীৰ ৷ ৰাষ্ট্ৰপতি পুটিনে সদৰী কৰা তথ্য অনুসৰি প্ৰথমতে তেওঁৰ কন্যাৰ শৰীৰৰ তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী ৷ ভেকচিন দিয়াৰ পিছত ১ ডিগ্ৰী হ্ৰাস পাই ৩৭ হয় । কিছুসময়ৰ পিছত পুনৰ শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হয় যদিও লাহে লাহে শৰীৰৰ তাপমাত্ৰ স্বাভাৱিক হয় ।

কৰ’না ভেকচিনৰ সমান্তৰালভাৱে সকলোৱে সম্প্ৰতি ৰাষ্ট্ৰপতি পুটিনৰ জীয়ৰী দুগৰাকীৰ বিষয়ে জানিবলৈ উদ্বিগ্ন হৈ পৰিছে ৷ ৰাষ্ট্ৰপতি পুটিনৰ দুগৰাকী জীয়ৰী মাৰিয়া আৰু কেটৰীনা ৷ কিন্তু ভেকচিন কোন গৰাকী কন্যাৰ দেহত প্ৰয়োগ কৰা হৈছে সেয়া পুটিনে স্পষ্ট কৰা নাই ৷ কিন্তু ভেকচিন প্ৰয়োগ কৰাৰ পিছত কন্যাৰ স্বাস্থ্য অৱস্থা সুস্থিৰ হৈছে বুলিহে পুটিনে প্ৰকাশ কৰিছে । লগতে পুটিনে সদৰী কৰা অনুসৰি কন্যাৰ শৰীৰত বহুত বেছি এন্টিব’ডিজ তৈয়াৰ হৈছে ।

ইতিমধ্যে ভেকচিনে বহু কেইটা পৰীক্ষাৰ সন্মুখীন হৈ ইতিমধ্যে সুৰক্ষিত বুলি প্ৰমাণিত হৈছে । অন্যতম ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী মিখাইল মুশ্বাৰফে দাবী কৰে যে ইতিমধ্যে প্ৰায় ১০ খন দেশে ৰাছিয়াৰ ভেকচিনৰ কাৰণে আগতীয়াকৈ যোগাযোগ কৰিছে  ৷ গতিকে ৰাছিয়াই ভেকচিনক অধিক পৰিমাণে তৈয়াৰ কৰিবলৈ প্ৰস্তুতি হৈছে ৷ ৰাছিয়াৰ মতে ভাৰত, চৌদী আৰব, ইণ্ডোনেছিয়া, ফিলিপাইনছ, ব্ৰাজিল, মেক্সিকোৰ দৰে দেশে সম্প্ৰতি ভেকচিন ক্ৰয় কৰিবলৈ দেশখনৰ লগত যোগাযোগ কৰিছে ৷

উল্লেখযোগ্য যে ৰাছিয়াই বিগত সময়ৰ পৰা কৰ’না ভেকচিন অনতিপলমে দেশলৈ অহাৰ প্ৰসংগত ইংগিত প্ৰদান কৰি আহিছে ৷ লগতে ১০ বা ১২ আগষ্টৰ মাজত ভেকচিনৰ ৰেজিষ্টাৰ কৰাৰ সন্দৰ্ভতো মত প্ৰকাশ কৰি আহিছে । অৱশ্যে ৰাছিয়াৰ এই ভেকচিনৰ ওপৰত এতিয়ালৈকে বিশ্বাস কৰা নাই আমেৰিকা আৰু ব্ৰিটেইনে ৷

Exit mobile version