জন্মাষ্টমীতেই বন্ধ হ’ল বৃন্দাবনৰ ইস্কনৰ মন্দিৰ

Iskon Temple Vrindawan

জন্মাষ্টমীৰ পূণ্য তিথিতে বন্ধ ৰাখিবলগীয়া হ’ল বৃন্দাবনত থকা ইস্কনৰ মন্দিৰৰ দ্বাৰ । কিয়নো ভগৱান শ্ৰী কৃষ্ণৰ শৈশৱৰ লীলাভূমি বৃন্দাবনৰ ইস্কন মন্দিৰতো আক্ৰমণ চলাইছে কৰ’না ভাইৰাছে । পুৰোহিতসহ ২২ জনৰ শৰীৰত ইতিমধ্যে ক’ভিড -১৯ৰ উপস্থিতি ধৰা পৰিছে । এইসকলৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতে গণ সংক্ৰমণৰ আশংকাত উত্তৰ প্ৰদেশৰ এই প্ৰখ্যাত ইস্কন মন্দিৰ ছীল কৰি দিয়া হয় ।

উল্লেখ্য যে, শেহতীয়াকৈ মন্দিৰৰ আবাসিসকলৰ দুজনৰ শৰীৰত এই মাৰাত্মক ৰোগৰ উপস্থিতি ধৰা পৰে । ইয়াৰ পাছতে ইস্কনৰ ১৬৫জনৰ লেলাউটিৰ নমুনা সংগ্ৰহ কৰে । এই সকলৰ ভিতৰত ২২জনৰ ফলাফল পজিটিভ আহে । সম্প্ৰতি মন্দিৰৰ চৌহদত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ইপিনে দিল্লীৰ ইস্কন মন্দিৰতো ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ।

Exit mobile version