বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি মংগলবাৰে আছুৱে ৰাজহুৱা কৰা অসম চুক্তিৰ সন্দৰ্ভত মন্তব্য কৰে ৷ গগৈয়ে কয় যে,
- অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ কাৰণে ২০১৯ ত বিজেপিয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্ব ১৩ জনীয়া কমিতি গঠন কৰিছিল ৷
- এই কমিতিয়ে চলিত বৰ্ষৰ ২৫ ফ্ৰেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাখিল কৰিছিল প্ৰতিবেদন।
- অমিত শ্বাহেও এসপ্তাহৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা সদৰী কৰিছিল । কিন্তু সেয়া আজি পৰ্যন্ত নহ’ল ৷
- ইয়াৰ পিছত মংগলবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰে প্ৰতিবেদন ।
- লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে সৰ্বানন্দ সোনোৱালক গুৰুত্বহীন আখ্যা দিয়ে ৷
- কা আনিব বিচৰা চৰকাৰে গুৰুত্ব নিদিয়ে অসম চুক্তিকঃ গগৈ
- আনহাতে গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণ সন্দৰ্ভে উল্লেখ কৰি কয় “আছুৱে দিয়া সংজ্ঞাত সকলোকে সামৰি লৈছে । ইয়াক সমৰ্থন জনোৱা হৈছে ৷”
- এইখন চৰকাৰে প্ৰধানমন্ত্ৰীৰ বানাক্ৰান্তৰ কাৰণে দিয়া আঁচনিও ৰূপায়ণ কৰা নাই।
- কা বাতিল নোহোৱাকৈ অসম চুক্তি কেনেদৰে ৰূপায়ণ কৰিব এইখন চৰকাৰে।
- অসমবাসীক ঠগিব বিচাৰিছে চৰকাৰে।
- অসম চুক্তিক ৰূপায়ণ কৰাৰ সদ্দিচ্ছা নাই এইখন চৰকাৰৰ ৷