সঞ্জয় দত্তৰ অনুৰাগীলৈ পত্নী মান্যতা দত্তৰ আহ্বান “আমাক আশীৰ্বাদ দিয়ক”

Sanjay Dutt Maanayata Dutt birthday

বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ হাওফাওৰ কৰ্কটৰোগত আক্ৰান্ত হৈ ষ্টেজ থ্ৰীট উপনীত হোৱাৰ পিছতে পত্নী মান্যতা দত্তই অনুৰাগীসকললৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে । অৱশ্যে সঞ্জয়ৰ পত্নী মান্যতা অভিনেতাজন কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰা নাই । মান্যতাই কয় যে সঞ্জু এগৰাকী যোদ্ধা ।

সঞ্জয় দত্তৰ অনুৰাগী লৈ উদ্দেশ্য কৰি মান্যতাই কয় “সঞ্জুৰ সুস্বাস্থ্যৰ কামনা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ৷ এই সময়ত আমাক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। এই পৰিয়ালটোৱে বিগত সময়ত বহুত দুৰ্যোগৰ সন্মুখীন হৈছে ৷ মই জানো যে প্ৰত্যেক বাৰৰ দৰে এইবাৰো এই দুৰ্যোগ পাৰ হৈ যাব ৷ সঞ্জুৰ অনুৰাগীসকললৈ আহ্বান যাতে তেওঁলোকে কোনো ভূৱা তথ্যত বিশ্বাস নকৰে ৷ আমাৰ সহায় কৰক কাৰণ আপোনালোকৰ আশীৰ্বাদ আমাক প্ৰয়োজন ।”

লগতে মান্যতা কয় “সঞ্জু এজন যোদ্ধা । ভগৱানে আমাক পুনৰ পৰীক্ষা লৈছে । আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন। প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমিয়েই জয়ী হ’ম । ইফালে সঞ্জয় দত্তৰ সন্দৰ্ভত হাওফাও কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ লগে লগে মান্যতা মংগলবাৰে ডুবাইৰ পৰা মুম্বাইলৈ আহে ৷

উল্লেখযোগ্য যে সম্প্ৰতি অনুৰাগীসকলে অহৰহ সঞ্জয় দত্তৰ সুস্বাস্থ্যৰ কামনা কৰিছে ৷ সঞ্জয় দত্তৰ কৰ্কটৰোগ হোৱাৰ ৰিপৰ্ট অহাৰ পিছত অভিনেতাজনে ইনষ্টাগ্ৰামৰ জৰিয়তে ছবিৰ দৃশ্যগ্ৰহণৰ পৰা বিৰতি লোৱাৰ বিষয়ে অনুৰাগীসকলক জানিবলৈ দিয়ে । আৰু তেওঁৰ অনুৰাগীসকলক পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিও দিয়ে ৷ কিন্তু চিকিৎসকসকলৰ মতে কৰ্কটৰোগৰ ষ্টেজ থ্ৰী বহু বিপদজনক ৷

গতিকে সম্প্ৰতি সঞ্জু ভাইৰ অনুৰাগীসকলে অভিনতাসকলে অভিনেতাজনৰ সুস্বাস্থ্য কামনা কৰিছে । উল্লেখযোগ্য যে অহা ২৮ জুলাইত অ’টিটি প্লেট ফ্ৰমত সঞ্জয় দত্তৰ “সড়ক ২” ছবিখনে মুক্তি লাভ কৰিব ৷ মহেশ ভাটৰ পৰিচালনাৰে এই ছবিখনত সঞ্জয় দত্তৰ ওপৰিও পূজা ভাট, আলিয়া ভাট আৰু আদিত্য ৰয় কাপুৰে অভিনয় কৰিছে।

Exit mobile version