সাংবিধানিক ৰক্ষাকবচ কাৰ্যকৰীকৰণ বাদেই,প্ৰতিবেদনৰেই নাই শুংসূত্ৰ

Screenshot 33

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ কৰি অৱশেষত ৰাজহুৱা হ’ল অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে পৰামৰ্শৱলী যুগুত কৰা উদ্দেশ্য গৃহ মন্ত্ৰণালয়ে গঠন কৰা গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে যুগুত কৰা প্ৰতিবেদন দাখিলৰ সুদীৰ্ঘ পাঁচমাহ উকলি যোৱাৰ পাছতো ইয়াক ৰূপায়ণৰ নূন্যতম সদিচ্ছা প্ৰকাশ নকৰিলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৷

বৰঞ্চ উক্ত প্ৰতিবেদনত সন্নিবিষ্ট কৰা ভালেসংখ্যক পৰামৰ্শ কাৰ্যকৰীকৰণত যথেষ্ট অসুবিধা থকা বুলি বিভিন্ন মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে শাসক পক্ষই ৷ ইয়াকে লৈ ৰাজ্যত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সংশ্লিষ্ট কমিটিৰ অন্যতম চাৰিজন সদস্যই এক সংবাদমেলত এই প্ৰতিবেদন ৰাজহুৱা কৰে ।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম সদস্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সংশোধিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৰাজ্যত তীব্ৰতৰ হৈ থকাৰ সময়তে ২০১৯ৰ ১৫ জুলাইত এক অধিসূচনাযোগে ন্যায়াধীশ বিপ্লৱ কুমাৰ দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ ক্ষমতাসম্পন্ন কমিতি গঠন কৰে ৷ এই কমিতিখনে ১৪ জানুৱাৰীত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ কাৰ্যকাল পুনৰ এমাহ বৃদ্ধি কৰে ৷ ইয়াৰ পিছত ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত এই প্ৰতিবেদনখন অৰ্পণ কৰা হয় ।

এই প্ৰতিবেদনত উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে স্বাক্ষৰ কৰাৰ পাঁচ মাহ উকলি যোৱাৰ পিচতো এই প্ৰতিবেদনখন ক’ত আছে সেয়া কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে স্পষ্ট কৰাৰ পৰা বিৰত আছে ৷ ইপিনে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে যুগুত কৰা প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে ছাত্ৰ সন্থাৰ পদক্ষেপক আদৰণি জনায় কমিতিৰ অন্যতম সদস্য নিলয় দত্তই ।

তেওঁ কয় “কৰ’না ভয়াৱহতাৰ মাজতো চৰকাৰে চাকাৰৰ কাম কৰি আছে, কিন্তু এই প্ৰতিবেদনত কি আছে সেই জনাৰ পৰা ৰাইজক চৰকাৰে আঁতৰাই ৰাখিব নোৱাৰে । সেই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ পদক্ষেপক মই আদৰণি জনাইছো ৷”

Exit mobile version